বিজেপি কৰ্মীক আক্ৰমণ, উত্তেজনা অব্যাহত, যুযুধান ৰূপ ধাৰণ কৰিব পাৰে অগপ-বিজেপি কৰ্মীয়ে

গৰৈমাৰিঃ বিজেপি কৰ্মীক আক্ৰমণৰ ঘটনাৰ উত্তেজনা আজিও অব্যাহত আছে কামৰূপৰ গৰৈমাৰিত৷ অগপ-বিজেপি দলৰ নেতা-কৰ্মীৰ মাজত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ দুয়ো দলৰ নেতা-কৰ্মীয়ে যিকোনো মুহূৰ্তত যুযুধান ৰূপ ধাৰণ কৰিব পাৰে৷ যাৰ ফলত আজিও চাঞ্চল্য অব্যাহত আছে কামৰূপ জিলাৰ ছয়গাঁও বিধান সভা সমষ্টিত৷

যোৱা ৩০ ঘন্টাত অগপ-বিজেপিৰ সংঘাত চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিছুদিন আগলৈ শাসকীয় দলৰ নাম গোন্ধ নথকা বিজেপি দলে ভেটি মজবুত কৰা বুলি চৰ্চা হৈছে ছয়গাঁও বিধান সভা সমষ্টিত৷ দিছপুৰত লগ লাগি চৰকাৰ চলাই থকা দুয়োটা দলৰ কৰ্মীৰ শত্ৰুতা ইমানেই বৃদ্ধি পাইছে যে কাজিয়া পৰ্যন্ত কৰিব লগা হৈছে৷ শেহতীয়াকৈ সমষ্টিটোত দুয়োটা দলৰ কৰ্মীয়ে কাজিয়াত লিপ্ত হৈ আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷

তাৰ মাজতে সোমবাৰে গৰৈমাৰীৰ মধ্য হাতীশলাত অগপ বিজেপি কৰ্মীৰ মাজত সংঘাটৰ মুকলি ছবি খন দেখা পালে ৰাইজে৷ হাতীশলা গাঁও পঞ্চায়তৰ সভাপতি তথা কামৰূপ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতিক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে অগপ কৰ্মীৰ বিৰুদ্ধে৷ দা, লাঠিৰে বিজেপিৰ সভাপতি আক্ৰাম হুছেইনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ জানিব পৰা মতে, গৰৈমাৰীৰ মধ্য হাতীশলাত সোমবাৰে এখন ৰাজহুৱা সভা চলি থকাৰ সময়তে অগপৰ প্ৰায় ৩০ জনীয়া এটা দলে দাৰে ঘপিয়াই বিজেপি সভাপতিগৰাকীক।

আক্ৰমণত লেবেজান হৈ পৰে আক্ৰাম হুছেইন, ছফিকুল ইছলাম, আছুৰুদ্দিন, মতিউৰ ৰহমানৰ লগতে কেইবাজনো বিজেপি কৰ্মী৷ অগপ কৰ্মী আইনাল দেৱানী, ছামান আলী, তাৰা মিঞা, চাহাব উদ্দিন চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। প্ৰাক্তন অগপ মন্ত্ৰী কমলা কলিতাৰ নিৰ্দেশত এই আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে আক্ৰাম হুছেইন নামৰ বিজেপি কৰ্মীগৰাকীয়ে।আঘাত প্ৰাপ্ত আক্ৰাম হুছেইনক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয়।

দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ড তথা জোৰশিমুলী আৰক্ষী চকীৰ এলেকাৰ ২ নং হাতীশলা ভলুকাবাৰী গাঁও পঞ্চায়তত কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি আক্ৰাম হুছেইন আৰু পঞায়ত সচিবে স্থানীয় ৰাইজৰ উপস্থিতিত চৰকাৰৰ আঁচনি সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে। সভা চলি থকাৰ মাজতে একাংশ অগপৰ কৰ্মী উপস্থিত হৈ বিজেপিৰ পঞ্চায়ত সভাপতিগৰাকীক মূৰত ঘপিয়াই৷ ইমানে নহয় আক্ৰমণত বাধা দিওতে হাত আঙুলি পৰ্যন্ত কটা যায়।

আক্ৰামৰ সৈতে থকা কেইবাজনো লোকক লাঠি. দাৰে আক্ৰমণ কৰাত আহত হয়। বিগত বিধান সভা নিৰ্বাচনত ডা০ কমলা কলিতাই পৰাজয় বৰণ কৰে যদিও পুনৰ হেৰোৱা জনপ্ৰিয়তা উদ্ধাৰৰ বাবে গৰৈমাৰীৰ বিৰোধী কৰ্মীসকলক হাৰা শাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ তথা অগপৰ প্ৰাক্তন মন্ত্ৰী ডা০ কমলা কলিতাৰ লগতে একাংশ অগপৰ নেতাৰ ষড়যন্ত্ৰ আৰু ছত্ৰছায়াত হোৱা বুলি কামৰূপ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি আক্ৰাম হুছেইনে অভিযোগ উত্থাপন কৰে।

ঘটনাস্থলীত গৰৈমাৰী, জোৰশিমুলী, ছয়গাঁও আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিমন্ত্ৰণ কৰে যদিও ঘটনাৰ লগত জড়িত কোনো এজন অগপ কৰ্মীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি গৰৈমাৰী হাতীশলা ভলুকাবাৰী অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।