মহন ফুকন বংশৰ শিপাৰ সন্ধান বিচাৰি মঞ্চত বহিল ককা, আইতা আৰু নাতি

চৰাইদেউঃ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত টাই আহোম সকলৰ ভূমিকা কেনে ধৰণৰ। ইতিহাসৰ পাট লুটিয়াই চালে দেখা যায় বৃহত্তৰ অসমীয়া জাতি গঠনৰ অন্যতম হোতা আছিল টাই আহোম জনগোষ্ঠী। আহোম জনগোষ্ঠীয়ে অসমৰ জাতি-জনগোষ্ঠী সমূহক একত্ৰিত কৰি ৰখাত বিশেষ অৰিহণা যোগায় আহিছে।

অসমীয়া ভাষা, সংস্কৃতি, পৰম্পৰা, ঐক্য, সংহতি বজাই ৰখাত আহোম জনগোষ্ঠীয়ে বিশেষ ভূমিকা পালন কৰি আহিছে। অসমীয়া জাতি গঠনত বিশেষ ভূমিকা পালন কৰি আহিছে বুলি কব পাৰি। আহোম জনগোষ্ঠীৰ টকৌবৰীয়া মহন ফুকন বংশৰ লোকসকলেও অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰি আহিছে।

এই বংশৰ লোকসকল বিভিন্ন ঠাইত সিঁচৰত হৈ আছে। তাৰ মাজতে, চৰাইদেউ জিলাৰ বৰহতত কেইবাশ বছৰ পূৰ্বে হেৰাই যোৱা বংশৰ শিপাৰ সন্ধান বিচাৰি বিভিন্ন ঠাইত সিচঁৰিত হৈ পৰা টকৌবৰীয়া মহন ফুকন বংশধৰসকল একত্ৰিত হয়।

টকৌবৰীয়া মহন ফুকন বংশৰ পিতৃ পুৰুষ মনচেঙৰ তিনি পুত্ৰ লুৱাল, পুৱাল আৰু মনভূল এই তিনি পুত্ৰৰ উত্তৰ পুৰুষ বৰ্তমান হাজাৰৰো অধিক। এই বংশৰ হেৰাই যোৱা বংশৰ পৰিচয় বিচাৰি চৰাইদেউৰ বৰহ গাঁৱত অনুষ্ঠিত হয় টকৌবৰীয়া মহন ফুকন বংশৰ বংশাৱলী অভিৱৰ্তন।

মঙলবাৰে  পুৱাৰে পৰা বিভিন্ন মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অভিৱৰ্তনত ছাত্ৰ-ছাত্ৰীসকলে তাই নৃত্য লাইলুং খাম, বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে পৰিয়ালৰ পৰিচয় পৰ্ব অনুষ্ঠিত কৰে। দীৰ্ঘদিন মূৰত সমবেত হোৱা লোকসকলে সম্বন্ধ ঘুৰাই পোৱাত আনন্দিত হৈ পৰে। বৰহ চতিয়নাগুৰি মনচেং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিবেশনত পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষ ৰোপনৰ লগতে পতাকা উত্তোলন কৰা হয়।