শ্ৰীমন্ত শংকৰ গুৰু নামধৰ্ম জনজাতি সমাজৰ সমাৰোহৰ সামৰণি

বঢ়মপুৰঃ ৰাজ্যৰ অন্যতম ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰ গুৰু নাম ধৰ্ম জনজাতি সমাজৰ ২২তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় সমাৰোহ মৰিগাঁও জিলাৰ বৰচিলাত অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত শংকৰ গুৰু নাম ধৰ্ম জনজাতি সমাজৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত যোৱা ২০ আৰু ২১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা প্ৰভাত ফেৰিৰ নাম প্ৰসংগৰে পৰিৱেশ জীপাল হৈ পৰে৷ পুৱা ১১ বজাত "সন্তান এটিৰ মানসিকতা আৰু নৈতিকতা গঠনত মাতৃৰ ভূমিকা" শীর্ষক বিষয়ত আই মাতৃৰ চ’ৰা আলোচনা চক্ৰ অনুষ্ঠিত হয়। তাৰ পিছতে কেন্দ্ৰীয় সেৱা বাহিনীৰ সভাপতি চুচেন বৰদলৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

সভাত সংঘৰ পদাধিকাৰ প্রদীপ কুমাৰ বৰদলৈয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ লগতে কেইবাগৰাকী বিশিষ্ট লোকে উপস্থিত থাকে। পিছদিনা পুৱা পৰিৱেশ নিকাকাৰণ, প্ৰাত প্ৰাৰ্থনা সভা, বৃক্ষ ৰোপণৰ অন্তত ১০ বজাৰ পৰা ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ হয়৷ কেইবাটাও জাতি-জনগোষ্ঠীৰ দলে শোভাযাত্রাত অংশ লয়৷