ভৰি এখন, গঁড় হত্যা ৰোধৰ বাৰ্তা লৈ ৩৫০০ কিঃ মিঃ চাইকেল চলাই আহিল ৰাকেশে

বোকাজানঃ ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাই ৰাজ্যবাসীক৷ প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক৷ অসমীয়াৰ আবেগ, অনুভূতি এশিঙীয়া গঁড় ৰক্ষাৰ বাবে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

গঁড হত্যা ৰোধ কৰাৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিবাদ তথা ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে৷ পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে এইবাৰ বেংককৰ পৰা চেভ ৰাইন’ মেচেজ লৈ অসমলৈ আহিল পেৰা-চাইক্লিষ্ট ৰাকেশ বনিক৷ বিগত ২৪ ডিচেম্বৰত থাইলেণ্ডৰ ভাৰতীয় দুতাবাসৰ পৰা ৰাকেশ বনিকে চাইকেল লৈ ওলাই আহিছিল৷

নগাঁও জিলাৰ কলিয়াবৰৰ বিশেষভাৱে সক্ষম ৰাকেশে চাইকেলেৰে থাইলেণ্ড, ম্যানমাৰ, মণিপুৰ, নগালেণ্ড হৈ মঙলবাৰে পুৱাই উপস্থিত হয় অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ লাহৰিজানত৷ লাহৰিজানত উপস্থিত হোৱাৰ পিছতেই বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ আৰু সম্পাদক ৰুবুল দিহিঙীয়াই এখন ফুলাম গামোছাৰে তেওঁক আদৰণি জনায়৷

গুৱাহাটী অভিমুখী যাত্ৰা পথত বোকাজান নগৰস্থিত কলাক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত গ্ৰন্থমেলাত পেৰা-চাইক্লিষ্টগৰাকী উপস্থিত হোৱাৰ সময়ত গ্ৰন্থমেলাৰ অভ্যৰ্থনা সমিতিয়ে এখন বিহুৱানেৰে আদৰণি জনায়৷ বিশেষভাবে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে গ্ৰন্থমেলাত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সম্বোধন কৰি গঁড় নিধন ৰোধ কৰা তথা সকলোকে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে৷

জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বন্যপ্ৰাণীসমূহ জীয়াই থাকিলেহে আমি জীয়াই থাকিম, গতিকে আমি জীয়াই থাকিবলৈ বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰিবই লাগিব বুলি কয়৷ সুদীৰ্ঘ যাত্ৰা পথৰ অভিজ্ঞতা বৰ্ণনা কৰি পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে জানিবলৈ দিয়ে যে গঁড় নিধন কৰি খৰ্গ সমূহেৰে চীন দেশত যৌন সংক্ৰান্তীয় তথা আয়ুস বৃদ্ধিৰ ঔষধ প্ৰস্তুত কৰা আৰু কিছু সংখ্যক আৰৱ দেশৰ অভিজাত পৰিয়ালত চুৰি-কটাৰীৰ নাল প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়৷

গড়ৰ খৰ্গৰ পৰা প্ৰস্তুত কৰা তেনে ঔষধৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বুলিও তেওঁ জানিবলৈ দিয়ে৷ কেৱল অন্ধবিশ্বাস তথা আপুৰুগীয়া বস্তু হিচাপেহে ব্যৱহাৰ কৰিবলৈ অবুজ প্ৰাণী বিধক হত্যা কৰা হয় বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই৷ মুঠ ৩৫০০ কিলোমিটাৰ পথ "চেভ ৰাইন'" বাৰ্তা লৈ চাইকেল চলাই ৰাকেশ বনিকৰ এই পৰিভ্ৰমণ অহা ২৭ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব৷

অসম চৰকাৰৰ লগতে নুমলীগড় শোধনাগাৰ, অসম আৰক্ষী আৰু মেস্ক চিমেণ্টেৰ সহায়ত কলিয়াবৰৰ বিশেষভাবে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে ২০১২ চনৰ ১১ জুনত এক দুৰ্ঘটনাত সোঁভৰিখন হেৰুৱাবলগীয়া হৈছিল৷