ৰাজ্যজুৰি স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ

বোকাজানঃ দেশৰ অন্যতম স্বাধীনতা সংগ্ৰামী অগ্ৰণী নেতা নেতাজী সুভাষ চন্দ্ৰ বসুক মঙলবাৰে সমগ্ৰ দেশৰ লগতে অসমবাসীয়ে স্মৰণ কৰে। ইতিহাসে কয় দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মান আৰু জাপানৰ সহযোগত বৃটিছক দেশৰ পৰা খেদি পঠোৱাৰ পৰিকল্পনা ৰচনা একমাত্ৰ লোকগৰাকী হৈছে নেতাজী সুভাষ চন্দ্ৰ৷ বৃটিছক শাসনৰপৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰা ১৯২০-১৯৩০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতৃত্ব বহন কৰে৷ ১৯৩৮-১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

১৯৪০ চনত ভাৰত এৰাৰ আগলৈকে বৃটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল। ১৮৯৭ চনৰ ২৩ জানুৱাৰী সুভাষ চন্দ্ৰ বসুৱে জন্ম গ্ৰহণ কৰা নেতাজীক দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ মঙলবাৰে দেশবাসীয়ে পুনৰ স্মৰণ কৰে স্বাধীনতা সংগ্ৰামীগৰাকীক৷ দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো সুভাষ চন্দ্ৰ বসুক ৰাইজে স্মৰণ কৰে ৰাইজে৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানটো বিভিন্ন কাৰ্যসূচীৰে "সুভাষ ক্লাব"ৰ উদ্যোগত নেতাজী সুভাষ চন্দৰ বসুৰ ১২১ সংখ্যক জন্ম জয়ন্তী পালন কৰে৷

সেই উপলক্ষে পুৱাৰ ভাগত সুভাষ ক্লাবৰ মুখ্য উপদেষ্টা সুভাষ দেৱনাথে জাতীয় পতাকা উত্তোলন কৰাৰ লগতে উপদেষ্টা সমৰ মজুমদাৰে শোভাযাত্ৰা উদ্ধোধন কৰে৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত প্ৰজ্বলক ৰূপে উপস্থিত থাকে ক্লাবৰ প্ৰাক্তন সম্পাদক বাবুল দে’৷ আনহাতে নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়া স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্যৰ লগতে দেশভক্তি মুলক গীত পৰিৱেশন কৰে৷ উল্লেখ্য যে নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সুভাষ ক্লাবৰ সদস্যসকলে বোকাজান অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমুল বিতৰণ কৰা দেখা যায়৷