মধুৰ স্মৃতি ৰোমন্থন কৰিলে অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই

ডিব্ৰুগড়ঃ এখন ঐতিহাসিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ পাৰ কৰিলে মধুৰ স্মৃতি৷ পঢ়া কালৰ মধুৰ স্মৃতিক আকৌ এবাৰ ৰোমন্থন কৰি আবেলিক হৈ পৰিল বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী৷ বহু ছাত্ৰ এতিয়া ৮০ দেওনা পাৰ কৰিছে৷ নাতিপুতি সেই স্কুলত পঢ়ি আছে৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ন-পুৰনি ছাত্র-ছাত্রী, শিক্ষক আৰু কৰ্মচাৰীৰ মিলন সমাৰোহ ২০ আৰু ২১ জানুৱাৰীত অনুষ্ঠিত হৈ যায়৷

২০ জানুৱাৰীত পুৱা ৫৮খন পতাকা উওোলন কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্রী আৰু কৰ্মচাৰীসকলে৷ ৫৮গৰাকী লোকে বন্তি প্ৰজলন কৰে প্ৰতিটো শিক্ষা বৰ্ষৰ ছাত্র-ছাত্রী একোজনে৷ প্ৰতিষ্ঠাপক, শিক্ষক, কৰ্মচাৰী , ছাত্র-ছাত্রী সকলৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে চাবুৱাৰ জ্যেষ্ঠ সমাজ কৰ্মী তথা বিদ্যালয় খনৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰভাত চন্দ্ৰ গগৈয়ে ৷ ইয়াৰ পিছতে কিছু কথা কিছু আলাপ অনুষ্ঠানৰ মাজেৰে বিদ্যালয়ত পঢ়ি থকা সময়ৰ দিনৰ কথা স্মৰণ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

এহেজাৰ ন-পুৰনি ছাত্র-ছাত্রী সমবেত হৈ পৰম্পৰাগত ভাৱে আঁঠু কাঢ়ি গুৰু সেৱা লয়৷ কন্ঠশিল্পী তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র-ছাত্রী অজয় ফুকন, আইচেঙফা বৰুৱা আদিকে ধৰি কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে৷ ২১ জানুৱাৰীত পুৱা বিশাল সাংস্কৃতিক শোভাযাত্রাত কেইবাহাজাৰ ছাত্র-ছাত্রীয়ে উপস্থিত থাকে৷ নষ্টালজিক এপলক অনুষ্ঠানতে গীত-মাত নৃত্য কবিতা আৰু স্মৃতি ৰোমন্থন অনুষ্ঠান অনুষ্ঠিত হয়৷

প্ৰাক্তন ছাত্রী সন্দিপা গগৈ বৰপাত্রই সম্পাদনা কৰা বাগীশ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ উমা দুৱৰাই৷ সমাৰোহ উপলক্ষে এটি শীৰ্ষগীত উলিওৱা হয়৷ গীতটি ৰচনা কৰে মৃদুপৱন চেতিয়াই, সংগীত পৰিচালনা কৰে অজয় ফুকনে৷ জুবিন গাৰ্গ, অজয় ফুকন, পম্পী গগৈ, পিংকী বৰপাত্র গোহাঁই, পলাশ বৰুৱা, ভাস্কৰ গগৈ, বাবু বৰুৱা, আইচেঙফা বৰুৱা, ৰাকেশ ৰিয়ান আদিয়ে কন্ঠদান কৰে৷ দেশ-বিদেশৰ পৰা প্ৰাক্তন ছাত্র-ছাত্রীসকল অংশগ্ৰহন কৰাত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷

সমাৰোহত কোনো ৰাজনৈতিক নেতা, কণ্ঠ শিল্পীক আমন্ত্ৰণ জনোৱা হোৱা নাছিল৷ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র হিচাপে উপস্থিত থকা দেখা যায়৷ জয়ন্তজিৎ বৰুৱাই ছ'চিয়েল মিডিয়াত প্ৰথম প্ৰস্তাৱ দিয়াৰ পিছতে সকলোৱে আগবাঢ়ি আহি এক বিশাল আয়োজন কৰি সমাৰোহ খন আয়োজনৰ প্ৰস্তুতি চলিছিল