গাড়ীৰ খুন্দাত খহি পৰা ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ পুল মেৰামতি-সংৰক্ষণ নকৰিলে চৰকাৰে

নামতিঃ ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাৰ ধোদৰ আলিৰ ঐতিহ্যমণ্ডিত এখন পুল যোৱা ৫ জানুৱাৰীত কোনো গাড়ীৰ খুন্দাত বৃহৎ এটা অংশ খহি পৰিছিল৷ পুলটোৰ এটা অংশ খহি পৰাত সমগ্ৰ শিৱসাগৰ জিলাতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। দল-সংগঠনে প্ৰশাসন, বিধায়ক, চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছিল৷ কিয়নো পুলটো ৰক্ষা কৰাৰ বাবে তথা সংৰক্ষণৰ বাবে বছৰ বছৰ ধৰি স্থানীয় আছুকে ধৰি বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে৷

নামতি পুল নামেৰে বিখ্যাত পুলটো ৫ জানুৱাৰীত গাড়ীৰ খুন্দাত এটা অংশ খহি পৰে যদিও গড়কাপ্তানী বিভাগে তথা চৰকাৰ তথা সাথনীয়ে প্ৰশাসনে মেৰমামতি নকৰাৰ লগতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ প্ৰতিখন চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে আহোম স্বর্গদেউৰ ৰাজত্ব কালৰ নামতি নৈৰ ওপৰত নির্মাণ কৰা ঐতিহাসিক পুলটো জহি খহি গৈ ধ্বংস হোৱাৰ দিশে আগবাঢ়িছে৷ মেৰামতি নকৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা নকৰাত স্থানীয় দল-সংগঠন ক্ষোভিত হৈ পৰিছে৷

পুলটো মেৰামতি কৰাৰ দাবী জনাই অহাৰ পিছতো জৰাজীর্ণ পুলটো মেৰামতি নকৰাত এটা ইতিহাস ধ্বংস হ’বলৈ ওলাইছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ চৰকাৰক নামতি পুলটোৰ সমীপৰে বিকল্প দলং নিৰ্মাণ কৰি পুলটো সংৰক্ষণ কৰাৰ দাবী জনাইছিল৷ নামতি নৈৰ ওপৰত এখন পকী দলঙ নির্মাণ বাবে অনুদান দিছিল যদিও বিগত চাৰি বছৰে ঠিকাদাৰে নির্মাণৰ কাম সম্পূর্ণ কৰিব নোৱাৰিলে। যাৰ বাবে পুৱতি নিশা কোনো গাড়ীয়ে খুন্দা মৰাৰ ফলত এটা অংশ খহি পৰে।

সদৌ তাই আহোম ছাত্র সন্থাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিত আৰন্ধৰাই নামতি নৈৰ ওপৰত নির্মাণ হৈ থকা দলং খন শীঘ্ৰে নির্মাণৰ দাবীত আটাছুৱে জিলা উপায়ুক্তক স্মাৰক পত্র প্রদান কৰিছিল যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে। ঠিকাদাৰৰ মইমতালি দেখিও এবাৰো মাত মাতিবলৈ সাহস নোহোৱা বিয়াগোম গড়কাপ্তানী বিভাগটো কিহৰ অংকত নিমাত হৈ আছে ই এক ৰহস্যৰ সৃষ্টি কৰিছে। সংগঠনটোৱে ঐতিহাসিক নামতি পুলৰ সংৰক্ষণ, পুণৰ মেৰামতি আৰু নৱনির্মিত পকী দলংখন শীঘ্রে নির্মাণ সমাপ্ত কৰাৰ দাবী জনায়৷

নিতৌ পুল খনৰে ব্যৱসায়ী, চাকৰিয়াল, ONGCৰ যান-বাহন, শিল ভৰ্তি ট্রাক-বালি-কয়লা-চাহপাত আদিৰ লগতে স্কুল-কলেজৰ শ-শ ছাত্র-ছাত্রীয়ে অহা-যোৱা কৰে৷ পুল খনত ভয়াবহ অঘটন সংঘটিত হৈ মানুহৰ প্ৰাণ যোৱাৰ আশংকা কৰিছে ৰাইজে৷ কিয়নো কেইবা শ বছৰ পূৰ্বে নিৰ্মাণ কৰা পুল খনৰ অৱস্থা ভাল হৈ থকা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে৷ যিকোনো মুহূৰ্ততে ভাঙি পৰি ভয়ংকৰ দুর্ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰিছে ৰাইছে৷

গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলা বাবে এতিয়া আহোম স্বর্গদেউ ৰাজত্ব কালৰ নামতি নৈৰ ওপৰত নির্মাণ কৰা ঐতিহাসিক পুল খন জহি খহি যাবলৈ ধৰিছে। নামতি পুলটো জৰাজীর্ণ ৰূপত অতিষ্ট হৈ বিভিন্ন সময়ত স্থানীয় দল সংগঠনে প্রতিবাদ সাব্যস্ত কৰাত চৰকাৰে নামতি পুলৰ দাতিৰে নামতি নৈৰ ওপৰত এখন পকী দলঙ নির্মাণ বাবে অনুদান দিছিল যদিও বিগত চাৰি বছৰে ঠিকাদাৰে নির্মাণৰ কাম সম্পূর্ণ কৰিব নোৱাৰিলে।