
ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন ঠাইত গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি চলাই থকাৰ প্ৰাকক্ষণত ৰাজ্যত সংঘটিত হ’ব পৰা কুটাঘাতমূলক কাৰ্য তথা শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে৷ গুৱাহাটী মহানগৰকে ধৰি বিভিন্ন জিলাত আৰক্ষী সস্তম হৈ পৰিছে। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে।
গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত ওদালগুৰিত প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ৰাজহুৱা স্থান, ব্যস্ত অঞ্চলত চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে। কুটাঘাট ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন অঞ্চলত তালাচী আৰম্ভ কৰাৰ উপৰিও নিশা টহল দিয়া পৰিলক্ষিত হৈছে আৰক্ষীয়ে৷ আগন্তুক গণৰাজ্য দিৱস ওদালগুৰি জিলা প্ৰশাসনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে।
ওদালগুৰি প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি ২৬ জানুৱাৰীৰ পুৱা ৫.৩০ বজাত দেশপ্ৰেমমূলক গীত-মাত আৰু প্ৰভাত ফেৰী অনুষ্ঠিত হ’ব৷ ৭.৩০ বজাত চৰকাৰী-বেচৰকাৰী আৱাসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮ বজাত চৰকাৰী-বেচৰকাৰী বিদ্যালয়-শিক্ষা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮.৫০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পন কৰা হ’ব৷
৮.৫৫ বজাত মুখ্য অতিথিৰ অভিবাদন গ্ৰহণ, ৯ বজাত মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, ৯.০৫ বজাত মুখ্য অতিথিৰ ভাষণ অনুষ্ঠিত হ’ব৷ ৯.৩০ বজাত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা অহা স্কাউট-গাইড আৰু অৰ্ধ সামৰিক বাহিনীৰ কুচকাৱাজ প্ৰদৰ্শন, ৯.৪০ বজাত সাংস্কৃতিক অনুষ্ঠান, ৯.৪৫ বজাত পুৰষ্কাৰ তথা বঁটা বিতৰণী অনুষ্ঠান, ১০.৩০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰোগীৰ মাজত ফলমূল বিতৰণ, সন্ধিয়া ৫.৩০ বজাত সন্মান সহকাৰে ৰাষ্ট্ৰীয় পতাকা অৱতৰণ আৰু বন্তি প্ৰজ্বলন কৰা হ’ব।