কাজিৰঙাত উপস্থিত হ’ল ৰাকেশ বনিক, গঁড়ৰ খৰ্গ বিক্ৰী হয় চীন দেশত

কাজিৰঙাঃ ৰাজ্য খনত চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়ৰ খৰ্গ সমূহ বিক্ৰী হয় চীন দেশত। ম্যানমাৰ, ভিয়েটনাম হৈ খৰ্গ সমূহ য়াই চীনলৈ৷ যাৰ বাবে অসমৰ এগৰাকী যুৱকে গৈছিল চীন দেশত গঁড় হত্যা ৰোধ কৰাৰ বাবে প্ৰচাৰ চলাবলৈ৷ চীন দেশলৈ গৈ তাৰ ৰাইজৰ এই ক্ষেত্ৰত আদৰ আৰু সহাৰি লাভ কৰা বুলি কয় যুৱকজনে৷ আনহাতে যুৱকজনে লৈ আহিছে অনেক ভয়াবহ তথ্য৷ ভাৰতৰ সীমান্তৰে আজিও বিদেশী দুৰ্বৃত্ত প্ৰৱেশ কৰি বুলি কয়৷ দুৰ্বৃত্তই গুৱাহাটীত থিতাপি লৈ অনৈতিক কাৰ্য চলাই বুলি কয়৷

পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে বেংককৰ পৰা চেভ ৰাইন’ মেচেজ লৈ অসমলৈ অহা পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে এই তথ্য সদৰী কৰে সাংবাদিকৰ সন্মুখত৷ বিগত ২৪ ডিচেম্বৰত থাইলেণ্ডৰ ভাৰতীয় দুতাবাসৰ পৰা ৰাকেশ বনিকে চাইকেল লৈ ওলাই আহিছিল অসমৰ গঁড় হত্যা ৰোধৰ বাৰ্তা বাৰ্তা লৈ আহে৷ ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাই ৰাজ্যবাসীক৷

প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক৷ অসমীয়াৰ আবেগ, অনুভূতি এশিঙীয়া গঁড় ৰক্ষাৰ বাবে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ গঁড হত্যা ৰোধ কৰাৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিবাদ তথা ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে৷ নগাঁও জিলাৰ কলিয়াবৰৰ বিশেষভাৱে সক্ষম ৰাকেশে চাইকেলেৰে থাইলেণ্ড, ম্যানমাৰ, মণিপুৰ, নগালেণ্ড হৈ মঙলবাৰে পুৱাই উপস্থিত হৈছিল অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ লাহৰিজানত৷

লাহৰিজানত উপস্থিত হোৱাৰ পিছতেই বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ আৰু সম্পাদক ৰুবুল দিহিঙীয়াই এখন ফুলাম গামোছাৰে তেওঁক আদৰণি জনায়৷ তাৰ পিছতে তেওঁ চাইকেল চলাই আগবাঢ়িছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অভিমুখে৷ অসম বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত উপস্থিত হৈ ৰিয়ানে আৱেগিক হৈ পৰে৷ প্ৰকৃতিক ভালপোৱা ৰিয়ানে গঁড় হত্যা ৰোধ কৰাৰ বাবে সকলোকে আৱেদন জনায়৷ বিশেষভাবে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে ৰাইজক সম্বোধন কৰি গঁড় নিধন ৰোধ কৰা তথা সকলোকে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে৷

জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বন্যপ্ৰাণীসমূহ জীয়াই থাকিলেহে আমি জীয়াই থাকিম, গতিকে আমি জীয়াই থাকিবলৈ বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰিবই লাগিব বুলি কয়৷ কেৱল অন্ধবিশ্বাস তথা আপুৰুগীয়া বস্তু হিচাপেহে গঁড় খৰ্গৰ ব্যৱহাৰ কৰাৰ বাবেই অবুজ প্ৰাণী বিধক হত্যা কৰা হয় বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই৷

মুঠ ৩৫০০ কিলোমিটাৰ পথ "চেভ ৰাইন'" বাৰ্তা লৈ চাইকেল চলাই ৰাকেশ বনিকৰ এই পৰিভ্ৰমণ অহা ২৭ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব৷ অসম চৰকাৰৰ লগতে নুমলীগড় শোধনাগাৰ, অসম আৰক্ষী আৰু মেস্ক চিমেণ্টেৰ সহায়ত কলিয়াবৰৰ বিশেষভাবে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে ২০১২ চনৰ ১১ জুনত এক দুৰ্ঘটনাত সোঁভৰিখন হেৰুৱাবলগীয়া হৈছিল৷

এখন ভৰিৰে চাইকেল চলাই অহা বনিকক উষ্ম আদৰণি জীপ ছাফাৰি সংস্থাৰ। প্ৰাগ নিউজ চেনেলৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈক ধন্যবাদ যাচে ৰাকেশে।