
জাজৰি: বৈষ্ণৱ সম্প্ৰদায়ৰ সৰ্বোচ্চ উপাসক বিষ্ণু ৷ বৈষ্ণৱ ধৰ্মত দীক্ষিতসকলে বিষ্ণুৰ গুণগৰিমা আৰু মহিমাক উপাসনা কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত স্থাপন কৰি লৈছে বিষ্ণু মূৰ্ত্তি ৷
নগাওঁ জিলাৰ অন্তৰ্গত জাজৰি আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সৌজন্যত জাজৰি ঢলপুৰীয়াতো বৈষ্ণৱ ভক্তসকলে মূৰ্ত্তি পূজাৰ বাবে স্থাপন কৰিছে শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ ৷ শ্ৰীশ্ৰী বিষ্ণু মূৰ্ত্তি স্থাপন কৰি দিনযোৰা কাৰ্যসূচীৰে এক মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়। সেই উদ্দেশ্যে পুৱা ৭ বজাত বেদস্তুতি, ৭.৩০ বজাত ধৰ্মধ্বজা উত্তোলন আৰু নৱপ্ৰতিষ্ঠিত মন্দিৰৰ মূলদ্বাৰ উন্মোচন কৰে জাজৰি আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সভাপতি লাৰুধন গোস্বামীয়ে।
পুৱা ৮ বজাত স্মৃতি তৰ্পন কৰাৰ পিছত বিভিন্ন ধৰ্মীয় মাংগলিক অনুষ্ঠান ক্ৰমে নান্দি শ্ৰদ্ধ, আয়তি সকলৰ দ্বাৰা জল আহৰনৰ লগতে দিনৰ ১১ বজাত শ্ৰীশ্ৰী বিষ্ণু মূৰ্ত্তি স্থাপন আৰু পূজা আৰম্ভ হয়। দিনৰ ১২ বজাত বিষ্ণু হোম আৰু সহস্ৰ নাম পাঠ, সন্ধ্যা ৫ বজাত ১০৮ গছি বন্তি প্ৰজ্বলন আৰু নিশালৈ নিমন্ত্রিত নামতিৰ দ্বাৰা নাম পৰিবেশন কৰা হয়।
উল্লেখ্য যে, ভগৱান শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ ভাগ দীৰ্ঘদিন ধৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰি এক মাংগলিক অনুষ্ঠানেৰে প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন কৰাত উদ্যোক্তা সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই জাজৰি ৰাইজৰ প্ৰচেষ্টাক শলাগ লয়। ৷