ধনশিৰিত গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি সম্পূৰ্ণ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

উৰিয়ামঘাটঃ ৰাজ্যৰ বিভিন্ন ঠাইত গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি চলাই থকাৰ প্ৰাকক্ষণত ৰাজ্যত সংঘটিত হ’ব পৰা কুটাঘাতমূলক কাৰ্য ৰোধ কৰাৰ বাবে সস্তম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন৷ শান্তি শৃংখলা যাতে বিঘ্নিত নহয় আৰু ৰাইজে যাতে মুকলি মনেৰে গণৰাজ্য দিৱসৰ দিনটোত ওলাই আহিব পাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৰাজ্যৰ প্ৰশাসনে৷

কুটাঘাট সংঘটিত কৰাৰ আশংকা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰিও কৰিছে প্ৰশাসনে৷ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত আৰক্ষী সস্তম হৈ পৰিছে। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত ধনশিৰি মহকুমাত৷

গণৰাজ্য দিৱসত উগ্ৰপন্থীয়ে যাতে কুটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সস্তম হৈ পৰিছে সীমান্তৰ ধনশিৰি মহকুমা প্ৰশাসন। মহকুমা অাৰক্ষী বিষয়া, উৰিয়ামঘাট অাৰক্ষীয়ে উৰিয়ামঘাটৰ তৈলখাদকে ধৰি বিভিন্ন ঠাইত চোকা নজৰ দিয়াৰ লগতে তহল দিয়াৰ ব্যৱস্থা কৰে আৰক্ষীয়ে৷ গণতন্ত্ৰ দিৱসত যাতে কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তৈল খাদসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷