আবতৰীয়া ধুমুহা শিলা বৃষ্টি, ধেমাজিত বিস্তৰ ক্ষতি সাধন

জোনাইঃ আবতৰীয়া ধুমুহা শিলা বৃষ্টিয়ে ব্যাপক ক্ষতি-সাধন কৰে ধেমাজি জিলাৰ জোনাই অঞ্চলত৷ বুধবাৰে মাজনিশা অহা কাল ধুমুহা, বা-মাৰলিয়ে ধেমাজি জিলাৰ জোনাইত কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু বাসগৃহ ভাঙি পেলায়৷

বিধ্বংসী ধুমুহা আৰু শিলা বৃষ্টিয়ে বিস্তাৰ ক্ষতি সাধন কৰে মহকুমাটোত৷ মাজ নিশা প্ৰায় ১ বজাত অহা প্ৰলয়কাৰী ধুমুহাৰ ফলত বহু ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে যাৰ ফলত গৃহহীন হৈ পৰে বহু পৰিয়াল৷

বিধ্বংসী ধুমুহাই বৃহৎ গছ বগৰাই পেলোৱাৰ ফলত কেইবাটাও পথত যাতায়াত বন্ধ হৈ পৰে৷ বিদ্যুতৰ খুঁটা উঘালি পৰাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে৷ প্ৰৱল ধুমুহাই ঘৰ-দুৱাৰ ভাঙি থৈ যোৱাত কেইবাজনো লোক আহত হয়৷ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা যায়৷