
জোনাইঃ পথ দুৰ্ঘটনাত পতিত হৈ এগৰাকী বন বিষয়াৰ মৃত্যু হোৱাত শোকৰ ছাঁ পৰে ধেমাজি জিলাৰ জোনাই আৰু ডিমৌত৷ বুধবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত বন বিষয়া দীপক লস্কৰৰ মৃত্যু হয়৷
ধেমাজি জিলাৰ জোনাই মহকুমাৰ ডিমৌৰ খণ্ড বন বিষয়া দীপক কুমাৰ লস্কৰে নিশা প্ৰায় ৮ বজাত ডিমৌ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়৷
নিশা বিষয়াগৰাকীয়ে জোনাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা এছ-০২-পি-৯৩৫০ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী খন নিজ চলাই ডিমৌৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ ফলত মৃত্যু হয় বিষয়াগৰাকীৰ৷
বিষয়াগৰাকী ডিমৌ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল৷ ডিমৌ অঞ্চলত এগৰাকী সমাজকৰ্মী হিচাপে জানিছিল বন বিষয়াগৰাকীক৷ বন বিষয়া দীপক লস্কৰৰ মৃত্যুত দল-সংগঠন শোক প্ৰকাশ কৰাৰ লগতে ডিমৌ-জোনাইত শোকৰ ছাঁ পৰে৷