কোকৰাঝাৰত অসম সত্ৰ মহাসভাৰ অধিবেশন উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

কোকৰাঝাৰঃ বিভিন্ন জাতি জনগোষ্টীৰ বাসস্থল তথা বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত কাইলৈৰ পৰা অনুষ্ঠিত হব অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৷ জিলা সত্ৰ মহাসভা আৰু শঙ্কৰদেৱ নামঘৰ কোকৰাঝাৰৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া অসম সত্ৰ মহাসভাৰ পূৰ্ণাঙ্গ অধিবেশনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷

অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত আৰু  অভ্যৰ্থনা সমিতিৰ সম্পাদক নয়নজ্যোতি দাসে আজি এক সংবাদমেলত  জানিবলৈ দিয়া মতে অধিবেশনখনত সহস্ৰাধিক প্ৰতিনিধি,শতাধিক সত্ৰাধিকাৰক আদৰিবলৈ সাজু হৈছে কোকৰাঝাৰবাসী ৷ পশ্চিমবংগৰ উপৰিও ৰাজ্যখনৰ মাজুলী,নগাওঁ, বৰপেটাকে ধৰি বিভিন্ন প্ৰান্তৰৰ সত্ৰাধিকাৰ, ভক্তপ্ৰান ৰাইজৰ সমাগমে কোকৰাঝাৰ তীৰ্থস্থলীত পৰিনত হ’ব বুলি আশা কৰিছে আয়োজক সমিতিয়ে ৷

উল্লেখ্য যে ৰাজ্যখনৰ  ১৪২ খন সত্ৰৰ প্ৰায় ছয় শতাধিক সত্ৰাধিকাৰৰ লগতে প্ৰায় সহস্ৰাধিক প্ৰতিনিধি আৰু ভক্তই অধিবেশনত অংশগ্ৰহণ কৰিব ৷ কাইলৈ অৰ্থ্যাৎ ২৬ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন তথা নাম প্ৰসংগৰ দ্বাৰা অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কোকৰাঝাৰৰ বিশিষ্ট ব্যক্তি সূৰ্য্য বৰাই ৷ সন্ধিয়া ৬ বজাত প্ৰতিনিধি শিৱিৰ মুকলি  কৰিব কোকৰাঝাৰ চহৰৰ বিশিষ্ট ব্যক্তি মতিলাল জৈনে  আৰু সন্ধিয়া ৬ বজাৰ পৰা নাম প্ৰসংগ অনুষ্ঠিত হব ৷

অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ২৭ জানুৱাৰীৰ পুৱা ৭ বজাত নিকাকৰন কাৰ্য, ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৯-৩০ বজাত স্মৃতি তৰ্পন, ১০ বজাত  বৃক্ষৰোপন  আৰু দিনৰ ১১ বজাৰ পৰা  সত্ৰাধিকাৰ সমাৰোহ অনুষ্ঠিত হব ৷ উল্লেখ্য যে সত্ৰাধিকাৰ সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ উপৰিও সমাৰোহত বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰী,ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী,কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু বিভিন্ন সত্ৰৰ বিশিষ্ট সত্ৰাধিকাৰীৰ উপৰিও বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহন কৰিব ৷