অইলৰ খনন কৰিবলৈ যোৱা লোকক খেদিলে ৰাইজে

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহমৰীয়া মৌজাৰ থানাই বিলংগিনী চাহ বাগিচাত বৃহস্পতিবাৰে অইল কোম্পানীয়ে খাদ স্থাপন কৰিবলৈ যোৱাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ তেলৰ স্থিতি জানিবৰ বাবে এক্সভেটেৰেৰ চাহ গছ উঘালি খনন কাৰ্য চলােৱাৰ সময়তে স্থানীয় লোক উত্তজিত হৈ পৰে৷

জানিব পৰা মতে, কোম্পানীয়ে খনন কাৰ্য চলাই থকাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিলংগিনীবাসী ৰাইজৰ সহযোগত খনন কাৰ্য চলোৱা ঠিকাদাৰসকলক খেদি পঠিয়াবই৷

কোনো ধৰণৰ জাননী নিদিয়াকৈ আৰু ৰাইজৰ সৈতে আলোচনা নকৰাকৈ কোম্পানীয়ে খাদ স্থাপন কৰিবলৈ লোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিলংগিনীবাসী ৰাইজ ক্ষোভিত হৈ পৰে৷ সংগঠনটোৱে জানিবলৈ দিয়া মতে, ৰহমহীয়াবাসীৰ এটা প্ৰধান সমস্যা গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান নোহোৱালৈকে কোনো ধৰণৰ খাদ স্থাপন হ’বলৈ দিয়া নহ’ব বুলি কয়৷