
ডিজিটেল ডেস্কঃ শুকুৰবাৰে সমগ্ৰ দেশে ৬৯ সংখ্যক গণ ৰাজ্য দিৱস পালন কৰিলে৷ ব্যাপক উৎসাহেৰে ঘৰৰ পৰা দেশৰ নাগৰিক ওলাই আহি পালন কৰে গণৰাজ্য দিৱস৷ সমগ্ৰ দেশে ব্যাপক উলাহ মালহেৰে গণৰাজ্য দিৱস পালন কৰে৷ পুৱাই প্ৰধানমন্ত্ৰীয়ে অমৰ শ্বীহদ জোৱানক শ্ৰদ্ধাঞ্জলি যাচে৷ তাৰ পিছতেই গণ ৰাজ্য দিৱসৰ সমাৰোহ থলীত উপস্থিত হয় মোডীয়ে৷
মোডীৰ লগে লগে দেশৰ ৰাজনৈতিক দলৰ নেতাৰে ভৰি সমাৰোহ থলী৷ সমাৰোহত মুখ্য অতিথি হিচাপে আছিয়ান নেতাসকল উপস্থিত থাকে৷ ‘আছিয়ান’ ৰাষ্ট্ৰগোটৰ থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, ম্যানমাৰকে ধৰি দহখন ৰাষ্ট্ৰৰ প্ৰধান উপস্থিত থাকে। গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত অংশ লয় ১০ ৰাষ্ট্ৰৰ প্ৰধানে।
ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে পতাকা উত্তোলন কৰে৷ আনহাতে গুৱাহাটী মহানগৰীৰ খানাপাৰাত ৬৯সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাজ্যৰ বাবে ভাষণ আগবঢ়াব ৰাজ্যপাল মুখীয়ে। ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেইবাগৰeকী মন্ত্ৰী, বিধায়ক, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত থাকিব।
উজনি-নামনিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে গুৱাহাটী মহানগৰীৰ খানাপাৰা খেল পথাৰত শুকুৰবাৰে গণ ৰাজ্য দিৱস পালন কৰা হয়৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ মহকুমা সদৰ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে অন্যান্য কাৰ্যালয় সমূহে শুকুৰবাৰে গণ ৰাজ্য দিৱস পালন কৰে৷
ৰাজ্যৰ সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান পৰিৱেশন কৰা দেখা যায়৷ সমানে সমানে ৰাজ্যত উগ্ৰপন্থী সংগঠনৰ কুটাঘাট ৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰশাসন সম্পূৰ্ণ সস্তম হৈ পৰিছে৷ সমগ্ৰ ৰাজ্যৰ লগতে উজনি-নামনিত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সংঘটিত হ’ব পৰা কুটাঘাতমূলক কাৰ্য তথা শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি নিৰাপত্তা ব্যৱস্থা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে৷