
বোকাজানঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানত উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়৷বোকাজান বিলাতী মাটি কাৰখানাৰ খেলপথাৰত পুৱা ৯ বজাত বোকাজান মহকুমাৰ মহকুমাধিপতি দিলীপ তেৰাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই আৰক্ষী,অৰ্ধসামৰিক বাহিনী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড তথা অভিবাদন গ্ৰহণ কৰে৷

পতাকা উত্তোলন কৰি ৰাইজক উদ্দেশ্যে দিয়া ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়ন মুলক আঁচনিৰ লগতে অনাগত দিনত চৰকাৰে গ্ৰহণ কৰিবলগীয়া আঁচনিৰ বিষয়ে মহকুমাধিপতিগৰাকীয়ে নিজ ভাষণত উপস্থিত ৰাইজক অৱগত কৰে৷
১০ বজাত বোকাজান আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷

১০.৩০ বজাত বোকাজান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিহু দলে বিহু প্ৰদৰ্শন কৰাৰ পাছত বিভিন্ন জনগোষ্ঠীয় শিল্পীদলৰ সংস্কৃতি প্ৰদৰ্শন আৰু শিশুসকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
আনহাতে বিয়লি মহকুমাধিপতি একাদশ আৰু মহকুমা আৰক্ষী বিষয়া একাদশৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়৷ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি মহকুমা প্ৰশাসনে বোকাজান অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমুলো বিতৰণ কৰে৷