ডিমা হাচাওত থলুৱাৰ আৰ্তনাদ, উত্তেজনা অব্যাহত, নিহত ২, উৰিল ক’লা পতাকা

খেৰণি/​ডিমা হাচাওঃ গণ ৰাজ্য দিৱসৰ দিনটোতে থলুৱাই চকুলো টুকি দিন পাৰ কৰিলে৷ নিজ জনগোষ্ঠীৰ দুজনকৈ যুৱকক হেৰুৱাই ম্ৰিয়মান ভূমিপুত্ৰ ডিমাচাসকল৷ ঠিকনা হেৰুওৱাৰ ভয়ত হাহাকাৰ কৰিব লগা হৈছে থলুৱা ডিমাচাসকল৷

ৰাজ্যজুৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি উলাহ-মালহেৰে গণ ৰাজ্য দিৱস পালন কৰাৰ সময়তে ডিমা হাচাওত চৰকাৰৰ কৰা অন্যায়, অবিচাৰ, চৰকাৰৰ বৰ্বৰ আচৰণৰ বিৰুদ্ধ ৰাইজে উৰুৱালে ক'লা পতাকা।

অসমৰ থলুৱাক বন্ধকত থৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খোজা বিজেপি দল আৰু আৰএছএছৰ বিৰুদ্ধে ডিমাচাসকলৰ ক্ষোভ কমা নাই। জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তই দুজনকৈ নিৰীহৰ যুৱকৰ মৃত্যুৰ দায়িত্ব লব নে নাই তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন।কেনেদৰে নিৰাপত্তাৰক্ষীৰ গুলী প্ৰতিবাদকাৰীৰ মূৰত লাগিল তাক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন।

আৰক্ষীৰ গুলীত ডিমাচা জনগোষ্ঠীৰ দুজন যুৱকৰ মৃত্যু হোৱাৰ পিছতেই পাহাৰীয়া জিলা খনত কলা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে৷ চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ক্ষোভিত ডিমাচা লোকসকল পুনৰ ৰাজ পথলৈ ওলাই অহাৰ আশংকা কৰা হৈছে৷ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷

শুকুৰবাৰে ডিমাচা লোকসকলে নিহত যুৱকসকলৰ প্ৰতিচ্ছবি লৈ শ্ৰদ্ধাঞ্জলি যাচি কলা পতাকা উত্তোলন কৰে৷ ক্ষোভিত লোকসকল জংগী হৈ পৰাৰ আশংকাও কৰা হৈছে৷ নিহত যুৱক দুজনৰ প্ৰতিচ্ছবি সন্মুখত বন্তি প্ৰজ্বলন কৰি পাহাৰীয়া জিলাখনৰ দিয়ুংব্ৰাৰ ৰাজপথত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিমা হাছাওবাসীয়ে। উত্তেজনা বিৰাজ কৰাৰ সময়তে পুৱা প্ৰশাসনে গণ ৰাজ্য দিৱস পালন কৰে৷

জনগোষ্ঠীটোৰ যুৱকসকলে ফেচবুক যোগে সমস্ত ঘটনাৰ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ ইউটিউবত, ফেচবুকতত জিলা খনৰ যুৱকসকলে ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে তীব্ৰ প্ৰচাৰ অভিযান চলাই৷ আনহাতে Mr India-ই ফেচবুক লাইভ কৰি দেখুৱাই ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতি। চছিয়েল মিডিয়াত Mr India নামেৰে বিখ্যাত ডিমা হাচাও জিলাৰ ‘ডেনিয়েল লাংথাছা নামৰ যুৱকজনে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ যে শাম কটা নাই তাক প্ৰতিপন্ন কৰে।

যোৱা ২৪ ঘন্টা ধৰি শাম কটা নাই ডিমা হাচাওৰ পৰিস্থিতি। বৃহত্তৰ নাগালিমৰ পৰিবৰ্তে চুবুৰীয়া নাগা বসতি প্ৰধান এলেকাক লৈ ফ্ৰন্টিয়াৰ নাগালেণ্ড গঠনৰ প্ৰস্তাৱৰ পিছতেই জংগী আন্দোলন জপিয়াই পৰে ডিমা হাচাওৰ জনসাধৰণে। বৃহস্পতিবাৰে ৰেল পথ অৱৰোধ, ৰে’লত আক্ৰমণ আৰু ষ্টেছন গৃহত আক্ৰমণ কৰাৰ পিছৰে পৰা উত্তেজনা অব্যাহত আছে আজিও। শুকুৰবাৰে গণ ৰাজ্য দিৱসৰ দিনটোতে ডিমা হাচাওৰ যুৱকসকলে ঠায়ে একত্ৰিত হোৱাৰ চেষ্টা কৰে যদিও বিফল হয়৷

বৃহস্পতিবাৰে কেইবাগৰাকী প্ৰতিবাদকাৰী আৰ৭ীৰ গুলীত লোক আহত হৈছিল৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ গুলীচালনা কৰাত তিনিজনকৈ যুৱকৰ দেহত গুলী লাগে। ইয়াৰে দুজন যুৱকৰ ইতিমধ্যে মৃত্যু হয়। মাইবং ষ্টেছনত গুলীচালনাত গুৰুতৰ ভাৱে আহত প্ৰবন্ত হাকমছা, মিঠুঞ্জয় দিব্ৰাগেদে নামৰ যুৱক দুজনৰ মৃত্যু হয়।

আনহাতে ৩টা গুলী দেহত লৈ যন্ত্ৰণাত ছটফটাই থকা সমৰজিত ছেনউং নাম যুৱকজনক শুকুৰবাৰে পুৱাই গুৱাহাটীৰ জিএমআৰচিত ভৰ্তি কৰা হয়৷ পাহাৰীয়া জিলা ডিমা হাছওক নাগালিমত অন্তৰ্ভুক্ত কৰিব বিছৰাত বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা ৫টা ডিমাচা সংগঠনে ১২ ঘন্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনায়৷ বন্ধৰ সময় ছোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাইবং ৰেল ষ্টেছনত৷ শ-শ লোকে পুৱাই মাইবং ৰেল ষ্টেছনত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷

আৰ এছ এছ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শ-শ লোকে৷ সময়তে একাংশ উত্তেজিত লোকে ৰেলত আক্ৰমণ কৰাৰ লগতে শিলাবৰ্ষণ কৰে ষ্টেছনৰ গৃহত৷ ৰেলত আক্ৰমণ, গৃহত শিলাবৰ্ষণ কৰাৰ লগতে ৰেল লাইন উঠাবলৈ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে৷

শিলচৰ অভিমুখী যাত্ৰীবাহী ৰে’ল আবদ্ধ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ প্ৰহাৰক ৮ জনকৈ লোক আহত হৈছিল৷ যাৰ ফলত যোৱা ৩০ ঘন্টা ধৰি ডিমা হাচাওত দোকান-পোহাৰ, যান-বাহনৰ চলাচল বন্ধ আছে। ডিমাচা যুৱকসকলে ফেচবুক লাইভ কৰি সমস্ত ঘটনাৰ প্ৰচাৰ কৰা দেখা গৈছে।