ডিব্ৰুগড়ত আছে চাকৰি দিয়া মানুহ, শিৱসাগৰৰ যুৱকৰ পৰা লুটিলে ৫ লাখ

বেতবাৰীঃ শিক্ষিত নিৱনুৱা যুৱকে এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তেই একাংশ লোকে চাকৰী দিয়াৰ নামত ধন সংগ্ৰহ কৰি শিক্ষিত নিৱনুৱাক বঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ চাকৰী দিয়াৰ নামত একাংশ যুৱকৰ পৰা নানা প্ৰলোভনেৰে লাখ লাখ টকা লুটি নিয়াৰ খবৰ প্ৰচাৰ হৈ থকাৰ সময়তে শিৱসাগৰ জিলাত এনে এটা চক্ৰই অসহায় নিৱনুৱাৰ পৰা চাকৰী দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ বুলি জানিব পৰা গৈছে৷

ৰাজ্যখনত নিৱনুৱাৰ সংখ্যা বৃদ্ধি পােৱাৰ সময়তে এই চামটোৱে শিৱসগাৰ জিলাৰ শিক্ষিত যুৱ চামৰ পৰা চাকৰী দিম বুলি ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ চৰকাৰী চাকৰি দিয়াৰ পলোভনেৰে বিভিন্নজনৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে পোহৰলৈ আহিছে এজন যুৱকৰ পৰা ৫ লাখ টকা লৈ দুগৰাকী লোকে পলায়ণ কৰাৰ কথা৷

শিৱসাগৰ চহৰৰ সমীপৰ পৰাগ বৰা নামৰ যুৱকজনক আবকাৰি বিভাগত চাকৰি দিম বুলি এটি চক্ৰই ধন নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ শিৱসাগৰ নগৰৰ আমোলাপত্তিৰ পৰাগ বৰাক আবকাৰি উপ-পৰিদৰ্শকৰ চাকৰি দিম বুলি গিৰিণ সোণোৱাল আৰু ৰুক্ম শইকীয়া নামৰ দুগৰাকী লোকে পাঁচ লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে।

মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ গিৰিন সোণোৱাল আৰু ৰুক্ম শইকীয়া নামৰ লোক দুজনে তেওক পৰা ফুচুলাই ৫ লাখ টকা লোৱা বুলি অভিযোগ উত্থাপন কৰে৷ নিজকে মুখ্যমন্ত্ৰীৰ সাচ মানুহ বুলি চিনাকী দি চৰকাৰৰ মন্ত্ৰী, বিষয়াৰ সৈতে ভাল সম্পৰ্ক থকা বুলি কয়৷ যদি টকা দিয়ে তেন্তে তেওক এটি চাকৰি দিব পাৰিব বুলি কয়৷ যুৱকজনে চাকৰিৰ লোভত অন্ধ হৈ নগদ ৫ লাখ টকা দিয়ে গিৰিন সোণোৱাল আৰু ৰুক্ম শইকীয়াক৷

কিন্তু চাকৰি দিয়াতো দূৰৰ কথা গিৰিন সোণোৱাল আৰু ৰুক্ম শইকীয়াৰ আজিলৈ দেখা-দেখি নায়৷ জানিব পৰা মতে, গিৰিন সোণোৱাল আৰু ৰুক্ম শইকীয়াৰ ঘৰ ডিব্ৰুগড়ত। বিগত এবছৰে পৰাগ বৰা নামৰ যুৱকজনে গিৰিন সোণোৱাল আৰু ৰুক্ম শইকীয়াৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। পৰাগ বৰা নামৰ যুৱকজনে এই সমস্ত ঘটনাৰ বিষয়ে newsnextone.comক খোদ অৱগত কৰে৷ আনহাতে পৰাগ বৰা নামৰ যুৱকজনে অভিযুক্ত সোণোৱালৰ এখন ফটোও যোগান ধৰে newsnextone.comক৷