ৰঙিয়াত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

ৰঙিয়াঃ প্ৰতিটো নিৰ্বাচনী কেন্দ্ৰত ১৮ বছৰ সম্পূৰ্ণ কৰা যুৱকসকলক চিনাক্ত কৰি তেওঁলোকক ভোটদানৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে দেশত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ এই দিৱস উদযাপনৰ অন্যতম উদ্দেশ্যে হ’ল ভোটাধিকাৰ লাভ কৰা ব্যক্তিক চিনাক্ত কৰি ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা ।

কামৰূপ জিলাৰ ৰঙিয়া মহকুমা প্ৰশাসনেও মহকুমাধিপতি কাৰ্যালয়ত উদযাপন কৰে অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। দিৱসৰ লগত সংগতি ৰাখি মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত দিনৰ ১০.৩০ বজাত এখন সজাগতা সভাৰ আয়োজন কৰে।

ৰঙিয়া মহকুমাৰ নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভা খনত ভোটদান গণতন্ত্ৰৰ বাবে কিমান প্ৰয়োজনীয় তাৰ বাবে নাগৰিকসকলৰ মাজত সজাগতা সৃষ্টিৰ হেতু ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ ওপৰত নিৰ্বাচনী বিষয়া নাথে বিস্তাৰিত ভাৱে বক্তব্য দাঙি ধৰি ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ উপস্থিত ৰাইজক শপত বাক্য পাঠ কৰোৱাই।

‘আমি ভাৰতৰ নাগৰিকসকলে গণতন্ত্ৰত আমাৰ আস্থা ৰাখি এই শপত লওঁ যে আমি আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যাদা অক্ষুন্ন ৰাখি তথা স্বতন্ত্ৰ, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ নিৰ্ভীকভাৱে, ধৰ্ম, বৰ্ণ, জাতি, সম্প্ৰদায়, ভাষা নিৰ্বশেষে অন্য কোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ সকলো নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিম’ আদি বাক্যৰ জৰিয়তে গণতন্ত্ৰৰ আস্থা ৰাখিম বুলি শপত ভোটাধিকাৰসকলে শপত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, উক্ত দিৱসত অংশগ্ৰহণ কৰে সহকাৰী আয়ুক্ত জয়ন্ত দাস, ৰঙিয়া উপ-কোষাগাৰৰ প্ৰাধিকাৰী অভিমান্য মেধি, ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক অভিষেশ বৰবৰা, ৰঙিয়া জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি ৰাউফ উদ্দিন আহমেদ, সম্পাদক তচনুৰ আলী, বিষয় ববীয়া জাকিৰ হুছেইন, ভৱজিত কলিতা, মহকুমা সহকাৰী গৱেষক বিনোদ ৰহাঙকে ধৰি শতাধিক কৰ্মচাৰী আৰু ভোটাৰ ৰাইজ  উপস্থিত থাকে।