
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ জাগুনত গণ ৰাজ্য দিৱসৰ দিনটোতে দুটাকৈ বোমা বিস্ফোৰণ হোৱাৰ ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে৷ সেনাই আলফাৰ সদস্যক আটক কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷ শুকুৰবাৰে নিশা জাগুন অঞ্চলত সেনাই তীব্ৰ অভিযান চলাই বুলি জানিব পৰা গৈছে৷ প্ৰতিবছৰৰ দৰে এইবেলিও স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ দিছিল সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাকে ধৰি কেইবাটাও সংগঠনে৷
তাৰ মাজতে সমগ্ৰ ৰাজ্যই গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তেই তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ সমীপত তিনিচুকীয়া জিলাৰ জাগুন বজাৰ আৰু লিডু টিৰাপ কলিয়ৰী মুখ্য গেটৰ সন্মুখত বিস্ফোৰণ সংঘটিত হয়৷ সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও সন্দেহযুক্ত আলফাৰ দ্বাৰা আইইডি বিস্ফোৰণ সংঘটিত কৰা বুলি সেনা-আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে৷
বোমা বিস্ফোৰণৰ পিছৰে পৰা সেনা-আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে সেনা-আৰক্ষীয়ে৷ অভিযান কালত সেনাই আলফাৰ হৈ আইইডি বিস্ফোৰণ কৰাৰ সন্দেহত চাৰিজন লোকক জাগুনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ কাষৰণী গাঁৱৰ বিমল চাবুক ধৰা, ডিম্বেশ্বৰ গগৈ, লাটু শইকীয়া আৰু ৰঞ্জীত চুতীয়া নামৰ ৪গৰাকী লোকক আটক কৰে৷ ভাৰতীয় সেনাই শুকুৰবাৰে নিশা প্ৰায় ৭ বজাত জাগুনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ কাষৰণী গাঁৱৰ নিজ নিজ ঘৰৰ পৰা পৰা উঠাই আনে৷
বিমল চাবুক ধৰা, ডিম্বেশ্বৰ গগৈ, লাটু শইকীয়া আৰু ৰঞ্জীত চুতীয়াক স্থানীয় লোকে নিৰীহ লোক কব বিচাৰে৷ আনহাতে ৰঞ্জীত চুতীয়া কাষৰণী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক৷ শিক্ষকতাৰ সৈতে জৰিত ৰঞ্জীত চুতীয়াক কোনো কালেই কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জৰিত নাই বুলি কয় স্থানীয় ৰাইজে৷ আনহাতে লাটু শইকীয়া নামৰ লোকজনক সেনাই প্ৰায় দুই তিনিঘন্টা ধৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ বেয়াকৈ মাৰ ধৰ কৰি আধামৰা অৱস্থাত এৰি দিয়া বুলি জানিব পৰা গৈছে৷ ইপিনে চাৰিজন লোকক ঘৰৰ পৰা উঠাই নিয়াৰ পিছত শনিবাৰে জাগুন আৰক্ষী থানাৰ সন্মুখত একাংশ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷