ঐতিহ্যমণ্ডিত পথৰুঘাটৰ ৰণৰ স্মৃতি সজীৱ হ'ল মঙলদৈ প্ৰেছ ক্লাৱত

ছিপাঝাৰঃ অসমৰ ইতিহাসৰ পাত লুটিয়াই চালে ৰাজ্য খনৰ ভিতৰতে সুকীয়া স্থান দখল কৰিব দৰং জিলাই৷ দৰং জিলা সকলো দিশতে অন্যতম এখন চহকী জিলা৷ দৰঙৰ ইতিহাস বুলি কলে বৃটিছৰ শাসন কালত জিলা খনত সংঘটিত হোৱা ৰণ, কলা, সংস্কৃতি, পৰম্পৰা, লোক সংস্কৃতি তথা মনলৈ আহে আৰু এই দিশত আগবঢ়া জিলা হৈছে দৰং৷ গীত-মাত, কৃষ্টি-সংস্কৃতি, পৰম্পৰা, শিক্ষা-দীক্ষাৰে চহকী দৰং জিলাৰ এক সুনাম আছে৷

একালৰ বৃহত্তৰ দৰঙ সৈতে লগ লাগি আছিল ফণী শৰ্মা, বিষ্ণু ৰাভা, আনন্দ চন্দ্ৰ আগৰৱালা, দন্দিৰাম কলিতা, জ্যোতিপ্ৰসাদ আগৰৱালা, পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে অনেক লোকৰ জন্মস্থান তেজপুৰ, শোণিতপুৰ আদি ঠাই সংপৃক্ত হৈ আছিল৷ ১৯৮৩ চনত দৰং জিলাৰ বিভাজন হয় হয় আৰু শোণিতপুৰ জিলা গঠন হয়। ২০০৩ চনত ভাৰত চৰকাৰৰ সৈতে বিএলটিৰ চুক্তি হোৱাৰ পিছত ২০০৪ চনত পুনৰ দৰং জিলাৰ এটি বৃহৎ অংশক সামৰি গঠন হয় ওদালগুৰি জিলা।

দৰং জিলাৰ ইতিহাস চাবলৈ গলে পথৰুঘাটৰ ৰণৰ কথাই মূলত মনলৈ আহে৷ বৃটিছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এক ইতিহাস ৰচনা কৰা দৰং জিলাৰ কৃষকে৷ দৰং জিলাৰ খেতিয়তে তাহানিতে প্ৰমাণ কৰে কৃষক কেতিয়াও পিছুৱাই নাহে যুদ্ধ ক্ষেত্ৰৰ পৰা৷ ঐতিহাসিক কৃষক বিদ্ৰোহৰ ইতিহাসৰ বাবে বিখ্যাত। পথৰুঘাটৰ ৰণ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক কৃষক বিদ্ৰোহৰ বাবে ইতিহাসে স্মৰণ কৰি আহিছে৷

১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা পশ্চিম দিশে প্ৰায় ১৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৰোঁতে বৃটিছে চলোৱা গুলিত বহু কৃষকৰ মৃত্যু হৈছিল। দৰং জিলাৰ পথৰুঘাটত সংঘটিত এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বুলি জনা যায়।পথৰুঘাটৰ ৰণৰ স্মৃতি সোণালি আখৰেৰে লিখা থকাৰ লগতে দৰং জিলাক বৰ্ণিল কৃষ্টি-সংস্কৃতি, লোক পৰম্পৰাৰ ভৰাল বুলি জনা যায়৷

বিশেষকৈ বিলুপ্তপ্ৰায় ব্যাসৰ ওজাপালিৰ বাবে আজিও বিখ্যাত দৰং৷ কেৱল ব্যাসৰ ওজাপালিয়ে নহয় সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম, থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টিয়ে জীপাল কৰি ৰাখিছে।

ইতিহাস মতে কোচ ৰজাৰ দৰবাৰত বিশেষ স্থান পাইছিল ব্যাসৰ ওজাপালিয়ে। এনেবোৰ স্মৰণীয় ইতিহাসক নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ লগতে দৰং জিলাৰ ইতিহাস বিস্তাৰ কৰাৰ লক্ষ্যৰে শনিবাৰে সাংবাদিকৰ অনুষ্ঠান অসম বাৰ্ত্তাজীৱী সংঘ আৰু পথৰু সমন্বয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ৷ ১৮৯৪ চনত বৃটিছৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ পথৰুঘাটত শ্বহীদ হোৱা ১৪০গৰাকী বীৰ কৃষকক স্মৰণ কৰে। পথৰুঘাটৰ ৰণৰ স্মৃতি সংৰক্ষণ তথা কৃষকসকলৰ বলিদানক চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় আলোচনা চক্ৰত।

প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পথৰুঘাটৰ ৰণৰ কথা ব্যাপক প্ৰচাৰ আৰু চৰকাৰৰ সদিচ্ছাৰ কথা উল্লেখ কৰে বক্তাসকলে৷ অসম বাৰ্ত্তাজীৱী সংঘৰ আৰু পথৰু সমন্বয় গোষ্ঠীৰ উদ্যোগত পথৰুঘাটৰ ৰণ আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব প্ৰদান শীৰ্ষক আলোচনা চক্ৰত মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় আলোচনাচক্ৰ খন।

আলোচনা চক্ৰত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভুঞা, দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় নেতা ভৱেশ কাকতি, পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুলেন্দ্ৰ নাথ ডেকা, মঙলদৈ ৰাজহ চক্ৰ বিষয়া ড০ সংগীতা বৰঠাকুৰ, মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক মুকুট ৰাজ শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আদি বিশিষ্ট লোকসকল উপস্থিত থাকে৷