সত্ৰ মহাসভাৰ অধিবেশনৰ সামৰণি, মানুহৰ হৃদয়ত ঈশ্বৰক আৱিষ্কাৰ কৰিব লাগিব

কোকৰাঝাৰঃ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো বৃহত্তৰ অসমীয়া সমাজ তথা বিভিন্ন জাতি-জনগোষ্ঠীয়ে গুৰুজনাৰ আদৰ্শৰে মিলাপ্ৰীতৰে থাকি শক্তিশালী সমাজ নিৰ্মাণ কৰিব লাগিব৷ একেলগে থাকি অসমক আগুৱাই নিব লাগিব। অসমৰ সম্পদ, সম্ভাৱনাক উচিত ক্ষেত্ৰত ব্যৱহাৰ কৰি ৰাজ্যৰ প্ৰতিজন নিবনুৱাক মৰ্যদাসহকাৰে কৰ্মসংস্থাপন দিব লাগিব।

এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত শুকুৰবাৰৰ পৰা পৰা অনুষ্ঠিত হোৱা অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সত্ৰাধিকাৰ সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰে৷

জিলা সত্ৰ মহাসভা আৰু শংকৰদেৱ নামঘৰ কোকৰাঝাৰৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম সত্ৰ মহাসভাৰ পূৰ্ণাংগ অধিবেশনৰ শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত আদৰ্শ সমাজ নিৰ্মাণত শংকৰদেৱৰ অৱদানৰ কথা উল্লেখ কৰি প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমৰ বুকুত একেলগে থকাৰ মানসিকতা, পৰস্পৰে-পৰস্পৰৰ প্ৰতি আন্তৰিকতা সহযোগিতাৰ মানসিকতা বহন কৰে তাৰ প্ৰতি কাম কৰিবলৈ আহ্বান জনায়।

ভক্তিৰ যোগেদি ভগৱানক পাব পাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইশ্বৰক পাব লগা হলে ভক্তি ভাৱেৰে মানুহৰ হৃদয়ৰ পৰা ঈশ্বৰক আৱিষ্কাৰ কৰিব লাগিব আৰু মলিনতা আঁতৰ কৰিব লাগিব বুলি মন্তব্য কৰে। গুৰজনাৰ আদৰ্শ সমাজ নিৰ্মানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তাৰ বাবে যুৱচামক আগবাঢ়ি অহাৰ আহ্বান জনায় সৰ্বানন্দ সোণোৱালে।

সমাৰোহত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মাজুলীৰ কমলাবাৰী আৰু আউটিআটি সত্ৰক ধৰ্মশালা নিৰ্মানৰ বাবে ৫০ লাখকৈ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। আনহাতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে শংকৰদেৱ আদৰ্শ-নীতি, বাণীক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ হকে মন্তব্য প্ৰদান কৰে।

সত্ৰাধিকাৰ সমাৰোহত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তকে ধৰি সহস্ৰাধিক প্ৰতিনিধি আৰু শতাধিক সত্ৰাধিকাৰ উপস্থিত থাকে। ইয়াৰোপৰি বিটিচিৰ উপ-মুুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু দনেশ্বৰ গয়াৰী সহিতে বহু বিশিষ্ট লোকে অংশগ্ৰহন কৰে। সত্ৰ সমাৰোহ উপলক্ষে পশ্চিমবংগৰ উপৰিও ৰাজ্যখনৰ মাজুলী, নগাওঁ, বৰপেটাকে ধৰি বিভিন্ন প্ৰান্তৰৰ সত্ৰাধিকাৰ, ভক্তপ্ৰান ৰাইজৰ সমাগমে কোকৰাঝাৰক সম্প্ৰতিৰ তীৰ্থস্থলীত পৰিণত কৰে।