পদুমক ভাল লগা হৈছে লিডুৰ কংগ্ৰেছীৰ, হাত এৰি পদুমলৈ আহিল ৫৫ কংগ্ৰেছী

মাৰ্ঘেৰিটাঃ দল বাগৰাৰ ৰাজনীতি অসমত নতুন নহয়৷ ইটো দৰল পৰা সিটো দললৈ নেতা আহে আৰু যায়৷ মন্ত্ৰীৰ পৰা সাংসদলৈ, বিধায়কৰ পৰা তৃণমূল কৰ্মীলৈকে সকলোৱে দল বাগৰাৰ ৰাজনীতিত সিদ্ধহস্ত৷ দল শাসনত নাথাকিলে একাংশ নেতাই দলটো এৰি আন দললৈ আহে৷ এয়া যেন পৰম্পৰা হৈ পৰিছে অসমত৷ একাংশ লোকে বিৰোধি দলত থাকি সা-সুবিধা নোপোৱাৰ ফলত শাসকীয় দলৰ সৈতে জড়িত হৈ সুবিধা আদায়ৰ আশা কৰে বুলি অভিযোগ উত্থাপিত হয়৷

যাৰ বাবে শাসকীয় দলৰ সৈতে জড়িত হৈ পৰে৷ কিন্তু একাংশ লোকে প্ৰকৃততে কোনো এটা দলৰ আদৰ্শক সমৰ্থন কৰি দললৈ আহে৷ তেওলোকে দলৰ আদৰ্শ গ্ৰহণ কৰি দেশ, জাতিৰ হকে কাম কৰা স্বাৰ্থত ওলাই আহি এটি দলৰ সৈতে জৰিত হয়৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ একাংশ লোক শেহতীয়াকৈ শাসকীয় দল বিজেপি মুখী হোৱা দেখা গৈছে৷ ভাৰতীয় জনতা পাৰ্টীত বহু লোকে শেহতীয়াকৈ যোগদান কৰিছে আৰু বহু লোকে যোগদান কৰিব বুলি প্ৰচাৰ হৈছে৷

বিজেপিৰ আদৰ্শক লোকসকলে স্বীকাৰ কৰি দললৈ অহা বুলি প্ৰচাৰ হৈছে৷ বিজেপিয়ে উন্নয়ন কৰিব বুলি আশা কৰি বিজেপি দললৈ অহা বুলি কয় লোকসকলে৷ তাৰ মাজতে লিডুৰ শামুকজানত বহু লোকে বিজেপিত যোগদান কৰে৷ শামুকজানৰ ৰংগমঞ্চত মাৰ্ঘেৰিটা বিজেপিৰ ব্লক মণ্ডলে অনুষ্ঠিত কৰা এখন কৰ্মী সভাত ৫৫গৰাকী কংগ্ৰেছৰ নেতা-কৰ্মী বিজেপিত যোগদান কৰে৷ 

শামুকজান গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি সুখদেৱ শৰ্মা, শামুকজান গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ কংগ্ৰেছৰ সদস্যা কমলা তাতী, শামুকজান গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ উপ-সভাপতি কৃষ্ণ ৰায়, শামুকজান গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ মহিলা উপ-সভানেত্ৰী ৰিংকু গগৈকে প্ৰমুখ্য কৰি ৫০গৰাকী কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে৷ বিজেপিৰৰ মহিলা সম্পাদিকা যুগৱালা বুঢ়াগোঁহাই, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপাংকৰ ভৰালী, দিগন্ত পাদুন, ৰাজ্যিক চাহ মৰ্চাৰ সাধাৰণ সম্পাদক দীপাংকৰ ঠাকুৰ, মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ সভাপতি ভৱেশ দত্ত, মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰবীন কেওট, মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ প্ৰভাৰী ভীম কৰ্মকাৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীসকলে যোগদান কৰে৷