
বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ এগৰাকী শ্ৰমিকে লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা পুৰস্কাৰ৷ একগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰাৰ স্বীকতি হিচাপে শ্ৰম এৱাৰ্ড লাভ কৰে কাৰ্বি পাহাৰৰ শ্ৰমিক চন্দ্ৰ ইংতিয়ে৷ ২০১৬ বৰ্ষৰ ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰম এৱাৰ্ড দিয়াৰ কথা ঘোষণা কৰে৷ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ অধীনৰ প্ৰতিষ্ঠান সমূহৰ অন্তৰ্গত বিভিন্ন বিভাগৰ পৰা এইবৰ্ষত ৫০ গৰাকী কৰ্মচাৰীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷
এই বৰ্ষত শ্ৰম এৱাৰ্ডৰ সংখ্যা ৩২ টা আছিল যদিও ৫০ গৰাকী কৰ্মচাৰীয়ে এই বঁটা গ্ৰহণ কৰিব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷ এই ৫০ গৰাকী কৰ্মচাৰীৰ ভিতৰত ৩৪ গৰাকী কৰ্মচাৰী ৰাজহুৱা খণ্ডৰ আৰু ১৬ গৰাকী ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী ৷ শ্ৰম ৰত্ন এৱাৰ্ড, শ্ৰম ভূষণ এৱাৰ্ড, শ্ৰম বীৰ, বীৰাংগনা এৱাৰ্ড আৰু শ্ৰম শ্ৰী, শ্ৰম দেৱী আদি এৱাৰ্ড দিয়াক কথা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে৷
চৰকাৰী তথ্য অনুসৰি ২০১৬ বৰ্ষৰ বাবে ২০ গৰাকী কৰ্মচাৰীয়ে শ্ৰম শ্ৰী-শ্ৰম দেৱী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে শ্ৰম শ্ৰী বঁটা লাভ কৰা এই ২০ গৰাকী কৰ্মচাৰীৰ ভিতৰত বোকাজান বিলাতী মাটি কাৰখানাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰ ইংতিৰ নাম বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ ১৯৮১ চনৰ ২৩ মে’ত বোকাজান বিলাতী মাটি কাৰখানাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰা চন্দ্ৰ ইংতিয়ে ২০১৭ চনৰ ২৮ ফ্ৰেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে ৷
বোকাজান নগৰৰ সমীপৰ অমৰাজানৰ চন্দ্ৰ ইংতিৰ নাম শ্ৰম শ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হোৱাত বোকাজান বিলাতী মাটি কাৰখানাৰ কৰ্মচাৰী সকলৰ লগতে সমগ্ৰ বোকাজানবাসী আনন্দিত হয়৷
এপ্ৰিল মাহত দিল্লীত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰদান কৰিবলগীয়া বঁটাত নগদ ৪০,০০০ টকা, এখন চনদ আৰু ৰেলৰ দ্বিতীয় শ্ৰেণীৰ টিকটত ৭৫ শতাংশ ৰেহাই সুবিধা সনিবিষ্ট আছে৷ বটাঁৰ বাবে বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰৱন্ধক অজিত শুক্লাৰ লগতে কাৰখানাৰ কৰ্মচাৰীসকলে কাৰখানাৰ প্ৰাংগণত চন্দ্ৰ ইংতিক সম্বৰ্ধনা জনাই৷ অসমৰ ভিতৰতে কেৱল বোকাজান বিলাতী মাটি কাৰখানাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰ ইংতিয়ে ২০১৬ বৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে৷