ভাষা-সংস্কৃতিৰ নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে আৰম্ভ হ’ল সাহিত্য সভাৰ অধিবেশন

লিডুঃ বুধবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ বদৌচা সমন্বয় ক্ষেত্ৰত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং বৰডুমচা অধিবেশন অনুষ্ঠিত হৈছে৷ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া অধিবেশনত ৰাজ্য বিভিন্ন প্ৰান্তৰ সাহিত্য প্ৰেমীক আদৰিবলৈ বুধবাৰে পুৱাৰে পৰা সাজু হয়৷

বুধবাৰে পুৱাৰে পৰা মৰাণ, মটক, সোণোৱাল, কছাৰী, চিংফৌ, মিচিং, বড়ো আদিৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংগমস্থলীত পৰিণত হয় ৭৪ সংখ্যক বুঢ়ীদিহিং বদৌচা সমন্বয় ক্ষেত্ৰ৷ অসমীয়া ভাষা সাহিত্যক বিশ্বৰ দৰবাৰত উজলাই তুলিবলৈ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু ভ্ৰাতৃত্ববোধ জগাই তোলাৰ প্ৰয়াসেৰে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিবেশনক লৈ অঞ্চলটোৰ ৰাইজৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়৷

বিভিন্ন জনগোষ্ঠীৰ বৰ্ণিল লোক সংস্কৃতি, পৰম্পৰাগত অনুষ্ঠানৰ বাবে মূল মণ্ডপসমূহ সম্পূৰ্ণ কৰাৰ লগতে প্ৰদৰ্শনী, গ্ৰন্থমেলা, বিজ্ঞান মেলা ইত্যাদিৰ বাবে গৃহ সমূহ বুধবাৰে পুৱাই শুভ উদ্বোধন কৰা হয়৷ মাৰ্ঘেৰিটা মহকুমাৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, বুদ্ধিজীৱীয়ে উদ্ধোধন কৰে৷ পুৱা ৮ বজাত চাওল্যুং চ্যুকাফাৰ সমন্বয় তোৰণ উদঘাটন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ নাথ বৰঠাকুৰে৷

আদৰণি সমিতিৰ ক্ষেত্ৰীয় কাৰ্যালয় মুকলি কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মাই, ফটিক দহোটিয়া, বলীন বড়া, তিলক বড়া সোঁৱৰণী নামঘৰ আৰু নাটঘৰ তোৰণ উদঘাটন কৰে উবন সত্ৰৰ ডেকা সত্ৰাধিকাৰ বীৰেন মহন্তই৷ ইফালে গগন সোণোৱাল সোঁৱৰনী গ্ৰন্থ উৎসৱৰ শুভ উদ্ধোধন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ গগৈয়ে৷ অধিবেশনৰ জৰিয়তে, অসমৰ ভাষা-সংস্কৃতিৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা হোৱাৰ লগতে বৃহত্তৰ অসমত শান্তি, সম্প্ৰীতি আৰু একতাৰ এনাজৰীডাল আৰু অধিক কটকটীয়া হ’ব বুলি আশা কৰা হৈছে৷