পৰীক্ষাৰ ২৫ মন্ত্ৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গ্ৰন্থ ‘Exam Warriors’ উন্মোচন

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখি উলিওৱা এখন গ্ৰন্থ শনিবাৰে উন্মোচন কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেৰকাৰে৷ 'Exam Warriors' নামৰ শিশুৰ উপযোগী গ্ৰন্থখন ব্যস্ততাৰ মাজতো লিখি উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ১৯৩ পৃষ্ঠাৰ গ্ৰন্থখনত পৰীক্ষা সন্দৰ্ভত উল্লেখ আছে৷

অভিভাৱক, শিক্ষকে ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰৰ বাবে জোৰ দিয়া কাৰ্যৰ কথা কৈ পৰীক্ষাক উৎসৱ আৰু কেনেদৰে পালন কৰিব লাগে তাৰ ২৫টা মন্ত্ৰ উল্লেখ আছে৷ পৰীক্ষাৰ বাবে জোৰ দিয়াৰ প্ৰযোজন নাই এই সন্দৰ্ভত গুৰুত্ব দিছে গ্ৰন্থ খনে৷ শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সন্মুখীন হ’বলৈ শিকিব লাগিব এই কথাই গ্ৰন্থ খনত উল্লেখ আছে বুলি জানিব পৰা যায়৷

সুষমা স্বৰাজে মোডীৰ কথা উল্লেখ কৰি মোডীয়ে প্ৰাৰ্থীত্ব তথা নিৰ্বাচনৰ বাবেও যে ভয় নকৰে সেই কথাও গ্ৰন্থ খনৰ জৰিয়তে স্পষ্ট হৈ পৰা বুলি কয়। যিকোনো কামত আগবাঢ়িবলৈ সাহসৰ প্ৰয়োজন হয়৷ এই কিতাপ খনত ২৫টা মন্ত্ৰ সুন্দৰৰূপত বৰ্ণনা কৰা হৈছে স্বৰাজৰ মতে৷ ৰাজনীতিবিদসকলেও প্ৰতি ৫ বছৰৰ মূৰে মূৰে পৰীক্ষাত বহিব লগা হয় বুলি কয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজ৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাবেৰকাৰে পেংগুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা কিতাপখন উন্মোচন কৰি কিতাপখনৰ জৰিয়তে ল’ৰা-ছোৱালী উপকৃত হ’ব বুলি কয়৷