টুপামাৰী জলকীয়া বজাৰ, কম মূল্যত বিক্ৰী, ভূটান, বাংলাদেশ, ম্যানমাৰলৈ ৰপ্তানি কৰিব খোজে কৃষকে

নগৰবেৰাঃ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি বিনিয়োগকাৰীক অসমলৈ মাটি আনি অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান জনায়৷ বিদেশৰ বিনিয়োগকাৰী নাহিলেও দেশীয় বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে৷ ৰাজ্য চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক গুৰুত্ব প্ৰদান কৰি বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰিলে যদিও ৰাজ্যৰ খনৰ থলুৱা উদ্যোগপতিসকলক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷

তাৰ সমানে সমানে ৰাজ্য খনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে ৰাজ্য খনৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ বাবে এখন উপযুক্ত বজাৰ দিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষকে৷ দেশ-বিদেশৰ বিনিয়োগকাৰীক আদৰাৰ বাবে কোটি কোটি টকা খৰচ কৰা চৰকাৰ খনে কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিবৰ বাবে নোপোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো গুৰুত্ব আৰোপ কৰা নাই৷

দেহৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য লাভ কৰাটো এতিয়া এক সপোন৷ যোৱা কেইবাটাও বছৰত কৃষকে উচিত মূল্য নোপোৱাত ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ শাক-পাচলি, মৰাপাট আদি উৎপাদনৰ ক্ষেত্ৰত অসমৰ কৃষকৰ নাম আছে দেশৰ ভিতৰতে৷ কৃষি খণ্ডত কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰে বঁটা প্ৰদান কৰি অসমৰ কৃষি বিভাগক সন্মানিত কৰিছে৷ ৰাজ্য খনৰ কৃষকে উৎপাদিত সামগ্ৰী পানীৰ দৰত বিক্ৰী কৰিব লগা হয় এখন উপযুক্ত বজাৰৰ অভাৱত৷

হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা ফচল পশুধনক খুৱাব লগা হয় নতুবা বিক্ৰীৰ অভাৱত পেলাই দিব লগা হয় উৎপাদিত ফচল৷ কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় নকৰাৰ লগতে শীতলীকৰণ গৃহ নথকাত অবাবতে নষ্ট হৈ যায় ফচল সমূহ। ফলত খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়া কৃষকসকলে মুৰে কপালে হাত দিব লগা হয়৷ লৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো হাহাকাৰ কৰিব লগা হয়৷

কপালৰ ঘাম মাটিত পেলাই উৎপাদিত ফচল যেতিয়া কম দামত বিক্ৰী কৰিব লগা হয় তেতিয়া কৃষকৰ হাহাকাৰ অৱস্থাৰ কথা একমাত্ৰ কৃষকে হে উপলব্ধি কৰিব পাৰে৷ কোনো চৰাকৰে ৰাজ্য খনৰ কৃষকসকলৰ কথা নাভাৱিলে৷ শীতলীকৰণ গৃহ, উৎপাদিত ফচলৰ উচিত মুল্যৰ বাবে কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আজিও কৃষকে পানীৰ দৰতে বিক্ৰী কৰি আছে উৎপাদিত ফচল। কৃষকৰ বাবে এখন বজাৰেই হ’ল জীৱনৰ মূল আধাৰ৷ য’ত জড়িত হৈ থাকে একোটা পৰিয়ালৰ সুখ-হাঁহি-সফলতা তথা সংসাৰৰ জোৰা-টাপলি মাৰিব পৰা হাড় ভগা পৰিশ্ৰমৰ ফচল৷

গ্ৰাম্য অৰ্থনীতিৰ বাবে কৃষিকাৰ্যই হ’ল মূল সফলতা৷ কিন্তু বৰ্তমান সময়ত কৃষকসকলৰ বাবে বজাৰসমূহেই হৈ পৰিছে মৃত্যুদূত৷ যাৰ বাবে দেশত প্ৰতিবছৰে হাজাৰ হাজাৰ কৃষকে বাছি লৈছে আত্মহনৰৰ পথ৷ ইয়াৰ মূলতেই হ’ল উৎপাদিত সামগ্ৰীসমূহৰ উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত৷ হাড় ভগা পৰিশ্ৰম কৰি উৎপাদন কৰা সামগ্ৰীসমূহৰ উচিৎ ন্যায় পোৱাৰ পৰা কৃষকসকল সদায় ব্যৱসায়ী আৰু ধনিক শ্ৰেণীটোৰদ্বাৰা শোষণৰ বলি হৈ আহিছে৷

যাৰ পৰিপেক্ষিতত কৃষকসকলে কটাবলগীয়া হয় এক দুৰ্বিষহ জীৱন৷ যি সময়ত কৃষক-শ্ৰমিকে উপযুক্ত পাৰিশ্ৰমিক নোপোৱাৰ পৰিপেক্ষিতত মৃত্যুক সাৱটি লৈছে, সেই সময়তে অসমৰ কৃষকসকলে উচিৎ বজাৰ মূল্য লাভ কৰাৰ পৰা৷ নামনি অসমৰ নগৰবেৰা অঞ্চল জলকীয়া খেতিৰ বাবে বিখ্যাত৷ প্ৰতিটো পৰিয়ালে জলকীয়াৰ খেতি কৰে৷ নগৰবেৰাৰ টুপামাৰী হ’ল ৰাজ্য খনৰ ভিতৰতে এখন বৃহৎ জলকীয়াৰ বজাৰ৷

কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আৰক্ষী থানাৰ এলেকাৰ টুপামাৰী বজাৰত নিতৌ কেইবা কুইন্টল জলকীয়া ৰপ্তানি হয়৷ সাম্প্ৰতিক নামনি অসমৰ উল্লেখযোগ্য জলকীয়া বজাৰ হিচাপে খ্যাত টুপামাৰীলৈ আহে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী৷ উল্লেখ্য যে জলকীয়াৰ নামত টুপামাৰী অঞ্চলৰ প্ৰতিগৰাকী কৃষকে লাভ কৰে লাখ লাখ টকা৷ চৰকাৰী সা-সুবিধা নোপোৱাকৈয়ে সম্পূৰ্ণ নিজাৱবীয়াকৈ কৰা জলকীয়া খেতিৰে তেওঁলোকৰ জীৱন চলে৷

নামনি অসমৰ ভিতৰত নাম ৰাখিবলৈ সক্ষম হোৱা টুপামাৰীৰ জলকীয়া বজাৰলৈ টুপামাৰীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলৰ কৃষক ৰাইজে এক প্ৰকাৰ গৌৰৱ কৰে যদিও আজিও তেওলোকে উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে৷ টুপামাৰীৰ বজাৰ খনৰ পৰা ভূটান, বাংলাদেশ, ম্যানমাৰ আদিৰ দেশলৈ জলকীয়া ৰপ্তানি কৰিব পৰাকৈ নিতৌ জলকীয়া বিক্ৰী হয়৷

কিন্তু চৰকাৰে তেনে সুবিধা প্ৰদান নকৰিলে কৃষকসকলক৷ কৃষকসকলে জলকীয়া সমূহ বজাৰলৈ আনি কম দামত হলেও বিক্ৰী কৰি থৈ যাব লগা হয়৷ কিয়নো তেওলোকে ঘৰলৈ নি জলকীয়া ৰাখি থব পৰাৰ কোনো ব্যৱস্থা নাই৷ শীতলীকৰণ গৃহ নথকাৰ বাবে তেওলোকে কম মূল্যত হলেও উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব লগা হয়৷ কৃষকসকলে তেওলোকৰ উৎপাদিত সমগ্ৰী যাতে চুবুৰীয়া ৰাষ্ট্ৰত বিক্ৰী কৰিব পাৰে তাৰ ব্যৱস্থা কৰি বিনিময় মেলা অনুষ্ঠিত কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ একাংশ মধ্যভোগীৰ বাবে কৃষকসকলে উচিত মূল্য নোপোৱাৰ অভিযোগ উত্থাপিত হয়৷