
মাৰ্ঘেৰিটাঃ অৰুণাচলত সেনাই অভিযান চলাই দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ অসম ৰাইফলছৰ ডাও ডিভিজনৰ জয়ৰামপুৰস্থিত সেনাই NSCNৰ কেডাৰ দক্ষিণ অৰুণাচল প্ৰদেশৰ চংকিঙত প্ৰৱেশ কৰা বুলি অৱগত হৈ অভিযান চলাই৷
চংকিঙত অভিযান চলাই এন এচ চি এন আৰৰ দুই কেডাৰক আটক কৰিবলৈ সক্ষম হয়। অভিযান কালত সেনাৰ জালত পৰে ছাননং মাছা আৰু জীমৰেবিছ কিমছিং নামৰ দুই যুৱক। সেনাই যুৱক দুজনৰ পৰা এটা পিস্তল, এটা মেগজিন, ছয় জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ডিমাপুৰত প্ৰশিক্ষণ লোৱা উগ্ৰপন্থী দুজনে দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশৰ মেও ৰাজহ চক্ৰৰ বিভিন্ন ঠাইত ধন দাবীৰে জনসাধাৰণক ব্যতিব্যস্ত কৰি আহিছিল বুলি সেনা সূত্ৰই প্ৰকাশ কৰে।