
চাবুৱাঃ অগপ, বিপিএফ আৰু বিজেপি দলে চৰকাৰ গঠন কৰাৰ প্ৰায় ২৩টা মাহ পাৰ হ’ল যদিও অসমৰ থলুৱা-জনগোষ্ঠীয় লোকসকলে চৰকাৰ খনৰ পৰা আশা কৰা ধৰণে সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ৰাজ্য খনৰ পাহাৰ ভৈয়াম, নৈৰ দাতিৰ গাঁও সমূহত বসবাস কৰা ৰাজ্য খনৰ একাংশ থলুৱা-জনগোষ্ঠীয় লোকে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
গৰাখহনীয়াই সকলো উটুৱাই নিয়া ৰাজ্য খনৰ শ-শ পৰিয়ালে মাটি-ভেটি হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে৷ নৈৰ দাতিৰ বহু গাঁও ব্ৰহ্মপুত্ৰ আৰু আৰু ইয়াৰ উপ নৈ সমূহৰ কোবাল সোঁতে খহনীয়াৰ সৃষ্টি কৰি সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো হেৰুৱাব লগা হৈছে৷ বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত থলুৱা লোকে হাহাকাৰ কৰিব লগা হৈছে৷
ডিব্ৰুগড় জিলাৰ দধীয়া, একেখন জিলাৰ লাহোৱাৰ সমষ্টিৰ ৰহমৰীয়াত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পিছতো চৰকাৰ খনে খহনীয়া ৰোধৰ বাবে যেনেদৰে উঠি-পৰি লাগিব লাগিছিল তেনেদৰে উঠিপৰি লগা দেখা নাযায়৷ পুনৰ বাৰিষা আহিবৰ সময় হ’ল যদিও পুনৰ আতংকিত হৈ পৰিছে ৰহমৰীয়াৰ শ-শ পৰিয়াল৷ বিনিয়োগকাৰীক আদৰাৰ বাবে কোটি কোটি টকা খৰচ কৰা ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লোকে এতিয়া ফেচবুকত পোষ্ট দি প্ৰতিবাদ কৰিব লগা হৈছে৷
ফেচবুকত সৰৱ হৈ পৰিছে একাংশ যুৱক৷ গৰাখহনীয়া ৰোধ কৰাৰ বাবে চৰকাৰে একো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ ফেচবুকত ক্ষোভ জাহিৰ কৰিছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱকে৷ প্ৰতিটো বাৰিষাই হাহাকাৰ কৰিব লগা হয় ৰহমৰীয়াৰ থলুৱাই৷ আকাশৰ পৰা বৰষুণৰ টোপাল পৰাৰ আৰম্ভ হোৱাৰ পিছৰে পৰা চকুলো টুকি পাৰ কৰিব লগা হয় সময়৷ পিছতে জলপৃষ্ঠ বৃদ্ধি হয় আৰু তেতিয়াই তেওলোকৰ অন্তৰে হাহাকাৰ কৰে।
প্ৰতিটো বানে ভয়াৱহ ৰূপ ধাৰণ কোৰ লগে লগে তেওঁলোকৰ অন্তৰে কান্দে। ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে উপনৈসমূহে ফেনে ফোটোকাৰে বাঢ়ি অহাৰ লগে লগে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। জলমগ্ন হৈ বন্য জীৱ-জন্তুৰ দৰে পৰিৱেশ হয় তেওঁলোকৰ।
এসাজ ভাতৰ বাবে চকুলো টুকি সময় পাৰ কৰে। জীয়ৰি, বোৱাৰীয়ে বিপদত পৰে। সন্তানে স্কুলৰ পৰিৱৰ্তে ধ্বংসৰ আখৰা প্ৰত্যক্ষ কৰে। জীৱন নহয় যেন এখন সমাপ্ত নোহোৱা সংগ্ৰাম হে। এনে কষ্টকৰ জীৱন সহি শ-শ পৰিয়াল থাকিব লগা ৰহমৰীয়াৰ খহনীয়াগ্ৰস্তই৷
অসমৰ থলুৱা লোকসকলক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ লগতে বিনিয়োগকাৰীক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ৰহমৰীয়াৰ যুৱকে যোৱা কেইটামান দিনত কেইবাটাও আপডেট দি চৰকাৰক আক্ৰমণ কৰিছে৷
মনোজ চেতিয়া নামৰ লোকগৰাকীয়ে এনেদৰে লিখে ‘‘পুনৰবাৰ ৰহমৰীয়াৰ খহনীয়াৰ প্ৰসংগ৷ বহুতৰ বাবে আমনিদায়ক হলেও উপায় নাই৷ সৌ সিদিনালৈকে ৰহমৰীয়াৰে একাংশ শুভাকাংক্ষীয়ে বিষয়টো অতি সোনকালে সমাধান হ’ব বুলি বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আহিছিল, কিন্তু কাৰ্যক্ষেত্ৰত একো নোহোৱা দেখি পুনৰবাৰ বিমুখ হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এটায়ে কাৰণ বাৰিষা সমাগত, আৰু কেতিয়া হব? ৰহমৰীয়াবাসীৰ এটা সহজলভ্য প্ৰশ্ন, পূৰ্বৰ চৰকাৰৰ দিনত আৱণ্টিত ৭৮ কোটি টকাৰ মেগা প্ৰজেক্টৰ টকাটো মোডী চৰকাৰে মোকলাই দিয়াত ইমান বহু বিলম্ব কিয়? কিয় মিছা প্ৰতিশ্ৰুতি লৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰৰ বিয়াগোম বিয়াগোম মন্ত্ৰী ৰহমৰীয়াত পদাৰ্পন কৰি গল? যদিহে আমাৰ ভেটিয়েই নাথাকে, ADVANTAGE ASSAMৰ গুৰুত্ব কত? সেয়েহে বহুতৰ দৰে আমিও ভাবিবলৈ বাধ্য হম, পৰিৱৰ্তনকামী চৰকাৰ ৰহমৰীয়াৰ বাবে অভিশাপ হে হল৷’’