মটৰ-শ্ৰমিকক বঞ্চনা কৰাৰ অভিযোগ, ১২ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা ২৪ ঘন্টীয়া চকা বন্ধ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ দিচপুৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও মটৰ শ্ৰমিক সংগঠনে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাহিৰ কৰে৷ মটৰ শ্ৰমিকসকলে উত্থাপন কৰি অহা দাবীক গুৰুত্ব প্ৰদান নকৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি অহা ১২ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ ৰাজ্যজুৰি ২৪ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷

মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত সংবাদ ঘোষণা কৰিছে এই বন্ধ কাৰ্যসূচী৷ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ নেতা এ ৰেজ্জাক আমহেদ আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনৰ নেতা বীৰেণ শৰ্মাই মটৰ শ্ৰমিকক চৰকাৰে বঞ্চনা কৰাৰ প্ৰতিবাদ এই কাৰ্যসূচী ঘোষণা কৰে৷ প্ৰায় ১৬০টা মটৰ শ্ৰমিক সংগঠনে এই কাৰ্যসূচীক সমৰ্থন কৰে৷

সৰ্বাত্মক ৰূপে এই বন্ধ পালন কৰিব বুলি ঘোষণা কৰি সিদিনা ধৰ্ণা দিয়াৰ লগতে প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব সংগঠন সমূহে৷ দিচপুৰ প্ৰেছ ক্লাৱত সংবাদ মেল অনুষ্ঠিত কৰি অসমৰ বাছ-ট্ৰাক, শ্বেয়াৰ টেস্কি, টুৰিষ্ট কাৰ, অটোৰিস্কা, ই-ৰিস্কা আদিত নিয়োজিত শ্ৰমিক-কৰ্মচাৰীৰ বাবে শ্ৰমিক কল্যাণ আঁচনি ৰূপায়ণ কৰাৰ দাবী জনায়৷

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, পূৰ্বে বৃদ্ধি কৰা পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰা, কেন্দ্ৰীয় চৰকাৰে একচেটীয়াকৈ কৰ্পৰেটৰ গোষ্ঠীৰ স্বাৰ্থত ১৯৮৮ চনৰ মটৰ ভেহিকল এক্ট সংশোধন বাতিল কৰা৷ প্ৰদূষণ মুক্ত ই-ৰিস্কা চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ আতৰ কৰি পঞ্জীয়ণ ব্যৱস্থা সহজ লভ্য কৰা৷ আলা-উবেৰৰ মালিক পক্ষই অন্যায় ভাবে লৈ অহা কমিছনৰ ৫০ শতাংশ হ্ৰাস কৰাৰ লগতে নতুনকৈ গাড়ী লোৱাৰ বন্ধ কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷