বিটিচিত সম অধিকাৰ-সম উন্নয়ন হোৱা নাই, ১৬ বছৰত এগৰাকী অসমীয়াক নিদিলে কাৰ্যবাহী পদ

photo Credit-dhananjay-nath,  bodoland-day-celebrate-photo-kokrajhar, প্ৰতিকি ফটো
photo Credit-dhananjay-nath, bodoland-day-celebrate-photo-kokrajhar, প্ৰতিকি ফটো

ওদালগুৰিঃ বিটিচি গঠন হোৱাৰ পিছত সমন্বয়ৰ দ্বাৰা শান্তি প্ৰতিষ্ঠা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিটিএডি এলেকাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে শান্তি প্ৰতিষ্ঠা হৈছে আৰু এয়াই ডাঙৰ সফলতা। কোকৰাঝাৰত অনুষ্ঠিত হোৱা বডোলেণ্ড দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য আবগঢ়োৱাৰ সময়তে বিটিএডিৰ আনটো মূৰত লাঞ্চিত-বঞ্চিত একাংশ লোকে সম অধিকাৰৰ দাবী উত্থাপন কৰে৷ সততে বিটিএডি এলেকাত এটি বিশেষ জনগোষ্ঠীৰ লোকে ঠিকা-ঠুকলি, চাৰকাৰী চৰকাৰী, বিভিন্ন আঁচনিৰ সহায় লাভ কৰে বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে পুনৰ লাঞ্চিত-বঞ্চিত হৈ থকাৰ প্ৰশ্ন উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে৷

বিটিএডিত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক লোকেই সম অধিকাৰ আৰু সম উন্নয়নৰ পৰা বঞ্চিত বুলি অভিযোগ উত্থাপন হৈ অহা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰি বিটিচিৰ শাসকীয় দলৰ সৈতে জৰিত নথকা একাংশ বড়ো লোকেও সম উন্নয়ন লাভ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বডোলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে এই অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে। এক বিবৃতি যোগে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি মিন্টু দাস আৰু সচিব প্ৰধান ধনদ্বীপ বৰাই আৰু কয় ''বিটিচি চুক্তি স্বাক্ষৰ হোৱা পিছতে বিশেষকৈ ভাষিক অসমীয়াসকল বিটিচিত বিভিন্ন দিশত বঞ্চিত হৈ আহিছে।

নিযুক্তিকে ধৰি বিভিন্ন ঠিকা, অনুদানৰ ক্ষেত্ৰত ভাষিক অসমীয়াসকলে ন্যায় লাভ কৰা নাই। স্বাধীনতাৰ পূৰ্বৰে পৰা বসবাস কৰাৰ পিছতো ভাষিক অসমীয়াই ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাটো হাগ্ৰামা মহিলাৰীৰ অক্ষমনীয় অপৰাধ"।ইমানে নহয় যুৱ মঞ্চই যোৱা ১৬ বছৰত বিটিচি পৰিষদত কাৰ্যবাহী সদস্য হিচাপে এজনো ভাষিক অসমীয়াক স্থান নিদিয়া বুলি ক্ষোভ ক্ষোভ জাহিৰ কৰে। বিটিচিত পঞ্চায়ত নিৰ্বাচন নহ'লে বিটিচিত কেতিয়াও সম অধিকাৰ নতুবা সম উন্নয়ন নহয় বুলি কয়। বিটিচিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো পোষকতা কৰে যুৱ মঞ্চই।

বহু কাৰণতে বিটিচিত বড়ো-অবড়োৰ এক সংঘাত আৰম্ভ হৈছে বুলিও অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰি এনে সংঘাটপূৰ্ণ পৰিৱেশৰ সমাধান কৰিবলৈ বিটিচি প্ৰশাসনক দাবী উত্থাপন কৰে। বিটিচিত বড়ো ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সকলো অনুষ্ঠানলৈ জাননী প্ৰেৰণ কৰিবলৈও অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে হাগ্ৰামা মহিলাৰীক দাবী উত্থাপন কৰে। বিটিচিত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক সম অধিকাৰ, সম উন্নয়ত আৰু ভূমি অধিকাৰ প্ৰদান নকৰিলে অসমীয়া যুৱ মঞ্চই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়ণি প্ৰদান কৰে৷