গোৰেশ্বৰত শিক্ষানুষ্ঠানৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আহৰি নাপালে জনপ্ৰতিনিধেয়ে

গোৰেশ্বৰঃ ১৯৭৯ চনত গঠন হোৱা বিদ্যা ভাৰতী নামৰ অনুষ্ঠানটোৱে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াইছে। আামাৰ সমাজত শিক্ষিত ব্যক্তি আছে যদিও চৰিত্ৰবান লোকৰ অভাৱ। শংকৰদেৱ শিশু নিকেতনে শিক্ষিত চৰিত্ৰবান ব্যক্তিৰ অভাৱ দূৰ কৰি সমাজখন সুশৃংখলিত কৰাত ভূমিকা পালন কৰি আছে। এই মন্তব্য শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ প্ৰধান আচাৰ্য দিলীপ কুমাৰ লহকৰৰ।

শংকৰদেৱ শিশু নিকেতন, গোৰেশ্বৰৰ চতুবিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি লহকৰে এনেদৰে কয়। তেওঁ আৰু কয় যে, নিকেতনৰ পৰা সংস্কাৰ লৈ সমাজত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে সেয়াহে ডাঙৰ কথা। ছাত্ৰ-ছাত্ৰীক মানুহ গঢ়াৰ বাবে পণ লৈছে বিদ্যাভাৰতীয়ে। গোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিচৰণ ডেকাৰ সভাপতিত্বত আয়োজিত মুকলি সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমিন্দ্ৰ নাথে মুখ্য অতিথিৰ ভাষণ দিয়ে।

ইপিনে পুৱা কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ শিশু নিকেতন, গোৰেশ্বৰৰ প্ৰতিষ্ঠাপক প্ৰয়াত যোগেন ডেকাৰ সহধৰ্মিনী সুৰভি ডেকাই। নিকেতনৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰকান্ত মজুমদাৰে। ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি খৰ্গেশ্বৰ বড়োই।

ইয়াৰ পিছতে "অসমৰ লোককৃষ্টি" বিষয়ক লৈ অনুষ্ঠিত হয় শোভাযাত্ৰা প্ৰতিযোগিতা৷  ছাত্র-ছাত্ৰী, আচাৰ্য ভাৰতী আৰু অভিভাৱক-অভিভাৱিকা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাই সকলোকে মুহিত কৰে। শোভাযাত্ৰাত মুঠ ৯টা দলে অংশগ্ৰহণ কৰে যদিও "কৃষি",  বাংলা কৃষ্টি আৰু বাগুৰুম্বা কৃষ্টিয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। মুকলি সভাতে ২০১৮ বৰ্ষৰ বাৰ্ষিক প্ৰতিভা বিকাশ প্ৰতিযোগিতাৰো পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। ইপিনে সভালৈ আমন্ত্ৰিত দুয়োগৰাকী জনপ্ৰতিনিধি বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰী আৰু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা কোনো এজনেই উপস্থিত নথাকিল।