পাপনৰ লিপলক, ফেচবুক লাইভত ধৰা পৰিল সেই দৃশ্য

ডিজিটেল ডেস্কঃ সম্প্ৰতি অসমৰ সংগীত জগতত জুবিনৰ পিছতেই যদি কাৰোবাৰ নাম আহে, তেন্তে সেয়া পাপন। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব পাপনে নিজৰ অফিচিয়েল ফেচবুক পেজত ৰং-ধেমালীৰ মাজতে কিশোৰী এগৰাকীক চুমা খোৱাৰ দৃশ্যৰ চৰ্চা আৰম্ভ হৈছে। 

তাতে লাইভ কৰোতাগৰীকায়ে কয়, 'য়ে ক্যায় হো ৰহা হেই’। তেতিয়া গম পাই পাপনে যে ইতিমধ্যে কিচ কৰাৰ দৃশ্য লাইভ হৈ আছিল। থতমত খোৱা পাপনে তেতিয়া লাইভ বন্ধ কৰিবলৈ কয়। তেওঁ কয়, "বন্ধ কৰো য়ে ফেচবুক লাইভ, মিউজিক মিউজিক!"  

হেপী হোলী বুলি কৈ পাপনে কৰিলে লিপলক্, ফেচবুক লাইভত ধৰা পৰিল সেই দৃশ্যসেইখিনি সময়ত ফেচবুক পেজৰ পৰা লাইভ কৰি থকা বুলি পাপনে জনা নাছিল। চুমা খোৱাৰ পিছতহে পাপনে গম পায় যে দৰাচলতে নেটিজেন সকলে ৰাইজে পাপনৰ লিপলক দেখা পায়।

উক্ত সময়ত ভিডিঅ’ কৰি থকাজনক পাপনে সোধে লাইভ হৈ আছে নেকি? লাইভ বন্ধ কৰি গান বজাবলৈ কয় পাপনে। তেতিয়াই লাইভ ষ্টপ কৰে ৰেকৰ্ডাৰগৰাকীয়ে। অনুৰাগীক এনেদৰে চুমা খোৱা দৃশ্যই পাপনক ফ’লো কৰাসকলক চিন্তিত কৰিছে।