ইলিয়াছ ৰহমান চৰকাৰক ফোনযোগে হত্যাৰ ভাবুকি

ধুবুৰীঃ বাল্য বিবাহৰ বিৰুদ্ধে চৰ এলেকাত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি অহা যুৱক ইলিয়াছ ৰহমান চৰকাৰক হত্যাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।

সততে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা যুৱকজনক এটা বিশেষ মোবাইল নম্বৰৰ পৰা প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।

ইলিয়াছে উক্ত নম্বৰটোৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ কৰিব বুলি জানিবলৈ দিয়ে। অচিনাক্ত কন্ঠস্বৰে 7002425204 নম্বৰেৰে ফোন কৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰে বুলি উল্লেখ কৰে যুৱকজনে। কল ৰেকৰ্ডৰ ভিত্তিত এজাহাৰ দাখিল কৰিব তেও।