টেম্পোত উঠিলে ভাগিব কঁকাল, বছৰ বছৰ ধৰি মেৰামতি নোহোৱা বঢ়মপুৰৰ পথ

বঢ়মপুৰঃ বছৰ বছৰ ধৰি পুখুৰী সদৃশ গাঁতেৰে ভৰি থকা ৰাজপথৰে আহ-যাহ কৰিব লগীয়া হৈছে বঢ়মপুৰৰ ৰাইজে৷ উল্লেখ্য যে কঠিয়াতলী, বামুনী সংযোগী জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী-ব্যৱসায়ী, চাকৰিয়াল আদিয়ে বিপদত পৰে৷ কিয়নো গাড়ীতো বাদেই বাইক, চাইকলে চলোৱাৰো অনুপযোগী পথটো৷

বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই গুৰুত্ব প্ৰদান নকৰিলে পথটো নিৰ্মাণত৷ অঞ্চলবাসীয়ে পুখুৰী সদৃশ ৰাজপথত ইতিমধ্যে পূজা কৰি, কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। নতুন চৰকাৰখনে দুবছৰ সম্পূর্ণ কৰাৰ পিছতো পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে৷

বছৰ-বছৰ ধৰি জৰাজীৰ্ণ বাট-পথৰ বাবে আহ-যাহত সমস্যাত পৰিছে বঢ়মপুৰ সমষ্টিৰ ৰাইজে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ ৰাইজ জৰাজীৰ্ণ তথা কদৰ্যময় পথৰ বাবে অতিষ্ঠ হৈ পৰিছে৷ চামগুৰি আৰক্ষী থানাৰ অধীনৰ তথা বৰঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ বামুনী এটা বিশেষ জনবহুল আৰু ব্যৱসায়িক অঞ্চল।

কিন্তু ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে অঞ্চলটো ক্ৰমশঃ পিছ পৰি আছে৷ বামুনীৰ পৰা নগাঁও, কঠীয়াটলি আৰু চাপানালা চামগুৰি সংযোগী কেইবাটাও পথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক। চৰকাৰ সলনি হল পিছে সলনি নহল বঢ়মপুৰৰ পৰিৱেশ। বিগত কেইবাটাও দশক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দখল কৰি আহিছে বঢ়মপুৰ সমষ্টি৷

তাৰ পিছতো বাট-পথৰ অৱস্থা উন্নত নহ’ল৷ বৰ্তমানৰ শাসক দলৰ এগৰাকী বিধায়ক হোৱাৰ পিছতো প্ৰফুল্ল কুমাৰ মহন্তই সমষ্টিটোৰ যাতায়াতৰ উন্নয়ন সাধিব পৰা নাই৷ অাজিও সৰ্বদিশতে অৱহেলিত হৈ বঢ়মপুৰ সমষ্টি৷ বৰ্তমান চৰকাৰৰ অংশীদাৰী দলৰ বিধায়ক হৈও চৰকাৰৰ পৰা কাম আদায় কৰিব নোৱাৰাত বঢ়মপুৰৰ জনসাধৰণ ক্ষোভিত হৈ পৰিছে৷ বঢ়মপুৰ সমষ্টিত কেইবাটাও পৰ্যটন থলী আছে যদিওঁ বাট পথৰ অৱস্থাৰ বাবে পৰ্যটক আহিবলৈ এৰিলে৷ বঢ়মপুৰৰ ৰাইজে পৰিৱৰ্তনৰ মুখ দেখিব নে নাই সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷