অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহিলা আয়োগৰ ওচৰ চাপিলে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাই

India Education Review
India Education Review

অৰুণাচলঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচলৰ কম বয়সীয়া মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগৰ চাঞ্চল্য আজিও অব্যাহত আছে৷

অৰুণাচলৰ বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে অৱশেষত ৰাষ্ট্ৰীয় মহিলা আয়োগক অভিযোগ দাখিল কৰে৷ লিখিত অভিযোগ দাখিল কৰি মহিলাগৰাকীয়ে কয়, ২০০৮ চনত পেমা খাণ্ডু আৰু আন দুগৰাকী সহযোগীয়ে মোক জোৰ-জুলুম কৰি চাৰ্কিট হাউচলৈ নি ধৰ্ষণ কৰে৷

মহিলাগৰাকীৰ অভিযোগ মতে পেমা খাণ্ডু তেতিয়া মুখ্যমন্ত্ৰী নাছিল৷ সেই সময়ত পেমা খাণ্ডুৱে নিজকে সেনাৰ বিষয়া বুলি কৈছিল৷ আনহাতে মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগক দিয়া অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী পেমাই কয়, এনে মিছা অভিযোগ উত্থাপন কৰাত মই অবাক হৈছো৷ মহিলা আয়োগৰ ওপৰত বিশ্বাস আছে তেঁওলোকে সঠিক তদন্ত কৰিব৷