
ৰঙিয়াঃ ৰাজ্যই পুনৰবাৰ বঞ্চনাৰ বলি হ’ব লগা হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ৷ কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত পুনৰবাৰ উপেক্ষিত হৈছে নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ প্ৰকল্প৷ উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অসমৰ অতি গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ কোনো উল্লেখেই নহ’ল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ চাৰিটাকৈ দ্বৈত ৰেলপথ প্ৰকল্প আৰু ৰেলপথৰ বৈদ্যুতিকীকৰন প্ৰকল্পৰ বাবে ধনৰ অনুমোদন দিয়া হয়৷ অসম ৰেলযাত্ৰী সংস্থাই শুকুৰবাৰে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
এক প্ৰেচ বিবৃতিত সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই কয়, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত দ্বৈত ৰেলপথৰ বাবে ধন আবন্টন দিয়া চাৰিখন ৰাজ্যৰ প্ৰস্তাৱিত ৰেলপথকেইটাৰ ব্যৱহাৰিক সূচ্যাংক যথাক্ৰমে ১১৮, ১২৭, ১৬০ আৰু ১০৭৷ কিন্তু নিউ বঙাইগাওঁ-ৰঙিয়া-কামাখ্যা ৰেলপথত ব্যৱহাৰিক সূচ্যাংক প্ৰায় ২০০ হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিত এই ৰেলপথটোৱে কোনো গুৰুত্ব নোপোৱাটো চৰম দুৰ্ভাগ্যজনক৷
বগীবিলত ৰেলৰ দলং মুকলি হলে এই সূচ্যাংক অধিক বৃদ্ধি পাব৷ এনে পৰিস্থিতিত 'এ' ফ’ৰ 'আসাম' বুলি শ্লোগান আওঁৰোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ বেলিকা অসমলৈ এবাৰো মনত নেপেলোৱাটোক ৰাজ্যবাসীয়ে সহজভাৱে ল’ব পৰা নাই৷ উল্লেখ্য যে, ২০১৩-১৪ বৰ্ষৰ কেন্দ্ৰীয় ৰেল বাজেটতে অনুমোদন হোৱা অসমৰ এই প্ৰকল্পটোৱে বাৰে বাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ধন আবন্টন পোৱাৰ ক্ষেত্ৰত মুখ থেকেচা খাবলগীয়া হোৱাটোক সংস্থাই ৰাজ্যবাসীৰ প্ৰতি প্ৰতাৰণাৰ নামান্তৰ বুলি অভিহিত কৰিছে৷