
কোকৰাঝাৰঃ আৰক্ষী থানা নহয় যে লোক আদালতে হে৷ দুই বিবাদী পক্ষক সৈমান কৰি সমিল-মিলেৰে গোচৰ নিস্পত্তি কৰিবলৈ এখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লাগে নগদ টকা৷ কোনো গোচৰ নিস্পত্তিৰ বাবে আদালতলৈ যোৱাৰ প্ৰয়োজন নাই, অ’ চি ছাৰেই যেন আদালত৷কোকৰাঝাৰ জিলাৰ চিথিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইমৰান আলিয়ে থানাখনত ৰুজু হোৱা বিভিন্ন গোচৰ মীমাংসাৰ বাবে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
থানাখনত কিবা ঘটনাৰ বিষয়ে গোচৰ ৰুজু হলে আৰক্ষী বিষয়া ইমৰান আলিয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি গোচৰ মীমাংসা কৰি দিয়াৰ বাবে আচামী পক্ষৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপি হৈ অহাৰ সময়তে চিথিলাৰ লাকিলুৰ আলি ফকিৰৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে ১ লাখ ৮০ হাজাৰ টকা দাবী কৰে যদিও অৱশেষত দহ হাজাৰ টকাত মান্তি হোৱাৰ অভিযোগ উত্থাপন হয়৷
জানিব পৰা মতে, কোকৰাঝাৰৰ পশ্চিম চিথিলাঘোগ গাঁৱৰ চামচুল পৰামানিকৰ কন্যা ফুলু বিবি আৰু একে গাঁৱৰে আবুল ফকিৰৰ পুত্ৰ লাকিলুৰ আলি ফকিৰৰ ৭ বছৰ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয়৷ চিথিলাৰ নায়েব উদ্দিন আহমেদ আৰু লাকিলুৰ আলি ফকিৰে ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত কিন্তু বিবাহৰ ছবছৰ পিছত ভাওৰাগুৰী থানাৰ অন্তৰ্গত কাছুকাটা গাঁৱৰ হসব আলি মণ্ডলৰ পুত্ৰ ৰফিকুলৰ সৈতে মোবাইল ফোনৰ জৰিয়তে প্ৰেমৰ সম্বন্ধ গঢ় লৈ উঠে বিবাহিত লাকিলুৰ আলি ফকিৰৰ পত্নী ফুলু বিবিৰ৷
ইয়াকে লৈ ফুলু বিবি লাকিলুৰ আলি ফকিৰৰ মাজত সময়ে সময়ে বাক বিতণ্ডা হয়৷ ইয়াৰ পিছতে স্বামী আৰু পত্নীৰ উভয় পৰিয়ালে ঘটনাটো অৱগত হৈ ঘটনাটোৰ সুবিচাৰ বিচাৰি চিথিলা আঞ্চলিক আমছু আৰু ভাওৰাগুৰী আঞ্চলিক আমছুৰ ওচৰ চাপে যদিও একো সমস্যা সমাধান নহ’ল৷ ইপিনে লাকিলুৰ আলি ফকিৰৰ পত্নী ফুলু বিবিয়ে লাকিলুৰৰ সৈতে সংসাৰ কৰিবলৈ বিচাৰে যদিও পৰিয়ালে অমান্তি হয়৷ ইয়াকে লৈ চৌতাৰা ৰেলৱে ষ্টেচনত ফুলু বিবিৰ পৰিয়ালৰ সৈতে লাকিলুৰৰ কাজিয়াৰ সুত্ৰপাত ঘটে৷
তাৰ পিছত ভাওৰাগুৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আৰক্ষীয়ে ফুলু বিবিৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ দিয়াৰ বাবে লাকিলুৰক বাধ্য কৰায়৷ সেইমতে ভাওৰাগুৰী থানাত এজাহাৰ দাখিল কৰে লাকিলুৰে৷ কিন্তু চিথিলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইমৰান আলিয়ে ভাওৰাগুৰী থানাত ৰুজু হোৱা গোচৰটো উঠাই লোৱাৰ বাবে লাকিলুৰৰ আলি ফকিৰৰ পৰা আপোচ মীমাংসাৰ বাবে কাগজত স্বাক্ষৰ কৰি লয়৷
ইপিনে ছোৱালী পক্ষই পুনৰ চিথিলা থানাত লাকিলুৰৰ পৰিয়ালৰ বিৰুদ্ধে ধৰ্ষণ আৰু অপহৰণৰ ভুৱা গোচৰ ৰুজু কৰে৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি আৰক্ষী বিষয়া ইমৰান আলিয়ে গোচৰ মীমাংসাৰ বাবে ১,৮০,০০০ টকা উৎকোচ বিচাৰে৷ কিন্তু বুজন পৰিমানৰ টকা দুখীয়া পৰিয়ালটোৱে দিব নোৱাৰাত আৰক্ষী বিষয়া আলিয়ে নানা ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হয়৷
উপায়বিহীন হৈ পৰিয়ালটোৱে শেষত দহ হেজাৰ টকা দিয়ে আৰু আৰক্ষী বিষয়াগৰাকীয়ে গোচৰ মীমাংসা কৰা বুলি কয়৷ কিন্তু পৰিতাপৰ বিষয় এই যে আৰক্ষী বিষয়া ইমৰান আলিয়ে উৎকোচ লোৱাৰ পিছতো গোচৰ মীমাংসা নকৰিলে৷ সেয়ে ভুক্তভোগী পৰিয়ালটোৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধানক আৰক্ষী বিষয়াগৰাকীয়ে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷