
ৰঙিয়াঃ ৰাজ্যখনত উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ দেশ তথা ৰাজ্যৰ প্ৰতিখন চৰকাৰে নিৱনুৱাক সংস্থাপন দিম বুলি বৰ বৰ কথা কৈ ভোট আদায় কৰে যদিও নিৱনুৱা যুৱক-যুৱতী সকলে মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হয়৷
শেহতীয়াকৈ চৰকাৰখনে বিভিন্ন বিভাগৰ বিভিন্ন পদ বিলুপ্তি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰখনে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে নিৱনুৱাক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে৷ তাৰমাজতে আয়ুৰ্বেদিক ফাৰ্মাচিষ্টসকলে নিযুক্তি নোপোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ উজাৰি আহিছে চৰকাৰৰ বিৰুদ্ধে৷
ৰাজ্যখনৰ স্বাস্থ্য বিভাগত বিগত সময়ছোৱাত চিকিৎসক, এ এন এম নাৰ্ছ, ফাৰ্মাচিষ্ট, এম পি ডব্লিউ, লেবৰেটৰী টেকনিচিয়ানকে ধৰি বিভিন্ন পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ল যদিও চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা ফাৰ্মাচিষ্টসকলে আজিকোপতি নিযুক্তি নোপোৱাত তেওঁলোকৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে৷
আয়ুৰ্বেদিক ফাৰ্মাচিষ্টসকলৰ মনৰ এই ক্ষোভ চৰকাৰৰ ঘৰত জনাবলৈ সম্প্ৰতি এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে ৷ আহ্বায়কদ্বয় মাধুৰ্য বৰা আৰু আলিমুল হুছেইনে বিষয়টোত আলোকপাত কৰি কয় যে ৰাজ্য চৰকাৰখনৰ স্বাস্থ্য বিভাগটোত বিগত সময়ত সকলোৰে চাকৰি হ’ল , আয়ুৰ্বেদিক ফাৰ্মাচিষ্টসকলৰহে নহ’ল ৷ চৰকাৰে ৰাজ্যৰ আয়ুৰ্বেদিক ফাৰ্মাচিষ্টসকলৰ কথা সমূলি পাহৰি পেলাইছে ৷
যাৰফলত এইসকল ফাৰ্মাচিষ্টে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱাৰ পিছতো আজিকোপতি চাকৰি পাবলৈ সক্ষম হোৱা নাই ৷ অথচ এই ফাৰ্মাচিষ্টসকলেও উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উৰ্ত্তীৰ্ণ হোৱাৰ পিছত মেধাৰ ভিত্তিত বাচনি হৈ আয়ুৰ্বেদিৰ ফাৰ্মাচিষ্টৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে ৷ সম্প্ৰতি এইসকল ফাৰ্মাচিষ্টে চৰকাৰৰ দ্বাৰা নিযুক্তি পাব বুলি বছৰৰ পিছত বছৰ ধৰি আশা পালি ৰৈ আছে যদিও ই পৰ্যন্ত এওঁলোকৰ ওপৰত চৰকাৰৰ সুদৃষ্টি পৰা নাই৷
চাকৰিলৈ বাট চাই চাই বহুতৰে বয়সৰ উৰ্ধতম সীমা উকলিবৰ হোৱাত এইসকল ফাৰ্মাচিষ্ট হতাশাত ভাগি পৰিছে ৷ ৰাজ্যত আয়ুৰ্বেদিক চিকিৎসাৰ এক পৃথক সঞ্চালকালয় আছে যদিও এই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলেও এই ফাৰ্মাচিষ্টসকলৰ নিযুক্তিৰ বিষয়টোৰ প্ৰতি চকু মুদা কুলিৰ ৰূপ ধাৰণ কৰি আছে৷
এনে পৰিস্থিতিত সমগ্ৰ বিষয়টো আলোচনা কৰি এক কাৰ্যব্যৱস্থা গ্ৰহণৰ অৰ্থে অহা ২৫ ফেব্ৰুৱাৰীত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সভাকক্ষত ৰাজ্যৰ আয়ুৰ্বেদিক ফাৰ্মাচিষ্টসকলৰ এখন জৰুৰী সভা আহ্বান কৰা হৈছে ৷ এই সভালৈ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা বুলি জানিবলৈ দিছে আহ্বায়কদ্বয়ে ৷ সভাত ৰাজ্যৰ সকলো অনিযুক্তিপ্ৰাপ্ত আয়ুৰ্বেদিক ফাৰ্মাচিষ্টকে উপস্থিত থাকিবলৈ আহ্বায়কদ্বয় মাধুৰ্য বৰা (দূৰভাষঃ ৯৮৫৪৫৪৮৮৬৩) আৰু আলিমুল হুছেইনে ( দূৰভাষঃ ৯৮৬৪৪৮৫৮৫৯ ) অনুৰোধ জনাইছে ৷