পৰীক্ষাৰ বাবে কলম কিনাই নহ’ল মুকছিদুলৰ, গাড়ীৰে খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ গ’ল দুৰ্বৃত্তই

নগাঁওঃ এগৰাকী পৰীক্ষাৰ্থীক গাড়ীৰে খুন্দিয়াই পথৰ দাতিত পেলাই থৈ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁও জিলাত৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আহোম গাঁও আৰক্ষী পহৰা চকীৰ এলেকাৰ টুকটুকীত এগৰাকী পৰীক্ষাৰ্থীক কোনো দুৰ্বৃত্তই ৰহস্যজনকভাবে গাড়ীৰে খুন্দিয়াই আহত কৰি পথৰ কাষত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত খবৰ মতে, টুকটুকী নিবাসী ছফিকুল ইছলামৰ পুত্ৰ তথা কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ পৰীক্ষাৰ্থী মুকছিদুল ইছলাম (১৭)ক বুধবাৰে নিশা প্ৰায় ৯ মান বজাত ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত টুকটুকী বজাৰ পাবলৈ বাকী থকা অৱস্থাত কোনো অচিনাক্ত দুৰ্বৃত্তই গাড়ীৰে খুন্দিয়াই গড়কাপ্তানী পথত পেলাই থৈ যায়।

প্ৰায় ডেৰ ঘণ্টা পলম কৈ ছাত্ৰ জনৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিব পাৰি তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷ বুকু, হাত, ভৰি আৰু মুখমণ্ডলত খুব বেয়াকৈ আঘাত পোৱা ছাত্ৰ জন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে৷ যাৰ ফলত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা ছাত্ৰজন বঞ্চিত হ’বলগীয়া হয়।

জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অধ্যয়ণত ব্যস্ত থকা ছাত্ৰজনে নিশা প্ৰায় ৯ বজাত ঘৰৰ কাষৰে বজাৰৰ পৰা কলম কিনাৰ উদ্দেশ্য অহাৰ সময়তে উক্ত চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়।

ছাত্ৰ জনে জনোৱা মতে, জাজৰি-টুকটুকী-ধিং সংযোগী গড়কাপ্তানী পথেৰে ছাত্ৰজনে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰঙা ৰঙৰ এখন টাটা মোবাইলে পিছফালৰ পৰা খুন্দা মাৰি পেলাই থৈ তীব্ৰ বেগেৰে গাড়ীখনে পলায়ন কৰে। সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালৰ লোকে স্থানীয় আহোম গাওঁ আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, বিগত কেইমাহমানৰ পৰা পশ্চিম নগাঁৱৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ অৱহেলা আৰু নিষ্ক্ৰিয়তাৰ পৰিণতিত বিভিন্ন অসামাজিক কাৰ্য-কলাপ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে৷ ঘাইকৈ চুৰি-ডকাইতিৰ সমান্তৰালকৈ নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা নিবিঘ্নে চলি আহিছে যদিও এনেবোৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত আশ্চৰ্যজনকভাবে আৰক্ষীয়ে কোনো তৎপৰতা প্ৰদৰ্শন নকৰি আওকণীয়া মনোভাবহে পোষণ কৰি আহিছে৷ আনকি দুৰ্বৃত্তই বিভিন্ন সময়ত নানা অসামাজিক কাম-কাজ সংঘটিত কৰাৰ ক্ষেত্ৰত সুচল পথ হিচাপে জাজৰি-টুকটুকী-ধিং সংযোগী গড়কাপ্তানী পথ ব্যৱহাৰ কৰি অহা দেখিবলৈ পোৱা গৈছে৷