
ডিব্রুগড়ঃ বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড় জিলাৰ সদৰ আৰক্ষী থানাৰ নতুন গৃহৰ আধাৰ শিলা স্থাপন কৰে৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত অসম আৰক্ষীৰ গৃহ নিৰ্মাণ আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলগীয়া ডিব্ৰুগড় সদৰ থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি স্মাৰ্ট পুলিছেহে জনসাধাৰণক নিৰাপত্তা দিব পাৰিব বুলি কয়। স্মাৰ্ট পুলিছেহে জনসাধাৰণৰ আস্থা, ভাৱনা শক্তি জগাই তুলিব পাৰিব বুলি কৈ মুখ্যমন্ত্ৰী সোণোৱালে অত্যধুনিক ধ্যান ধাৰণাৰে অসম আৰক্ষীক অধিক শক্তিশালী কৰি তুলিব লাগিব বুলি কয়৷
চৰকাৰে মৈত্ৰী আঁচনিৰ জৰিয়তে আৰক্ষীক শক্তিশালী ৰূপ দিয়াৰ নিমিত্তে বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ সহায় লব লাগিব। আৰক্ষী থানাসমূহৰ প্ৰতি জনসাধাৰণৰ সস্তীয়া ধাৰণা আঁতৰ কৰি তুলিবৰ কাৰণে আমি নতুন আঁচনিৰ দ্বাৰা শক্তিশালী পদক্ষেপ লব লাগিব। আমাৰ বিশ্বাস আৰক্ষী আৰু জনসাধাৰণৰ যৌথ প্ৰচেষ্টাৰে সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সক্ষম হ’ব। জনসাধাৰনে সম্পুৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। কেৱল আৰক্ষীক শক্তিশালী কৰি তুলিলেই নহব।
জনসাধাৰনে সমাজ নতুবা দেশৰ প্ৰতি সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়াব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড় সদৰ আৰক্ষী থানাত সন্ধিয়া অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই, অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ সঞ্চালক আৰ এন সিং, সাহিত্যিক ড০ নগেন শইকীয়া, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলি, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক ঋতুপৰ্ণ বৰুৱা, প্ৰশান্ত ফুকন, অসম হাইড্ৰ কাৰ্বন আৰু এনাৰ্জী কোম্পানি লিমিটেডৰ অধ্যক্ষ পোনাকন বৰুৱা, আৰক্ষী বিষয়া ডঃ আৰ পি মিনা, প্ৰদীপ হালৈ, এল এছ চুঙা, ডিব্ৰুগড় জিলা উলাযুক্ত লয়া মাড্ডুৰী, আৰক্ষী অধীক্ষক গৌতম বৰা, আৰ এন সিং আদিকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। আনহাতে অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে সম্পূৰ্ণ মাংগলিক কাৰ্যৰে নাৰিকল ভাঙি ভৱনটোৰ আধাৰশিলা স্থাপন কৰে।