পৰিৱৰ্তন, ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ’ব নামৰূপ সাৰ কাৰখানা

ডিব্ৰুগড়ঃ ১৬ মাহে দৰমাহে নাপালে কথাটো কেনেকুৱা হয় আমি বুজোঁ৷ দেউতাহঁতে আমাক নক’লেও আমি বুজো৷ দেউতাহঁতক আৰু লগতে কাম কৰা লোকসকলক দেখিলে বেয়া লাগে৷ অসম বিধান সভাৰ কাম কাজ প্ৰত্যক্ষ কৰিবলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আৱেগিক হৈ পৰা এই মন্তব্য কৰা সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতাৰ চৰ্চা অব্যাহত থকাৰ সময়তে ১৯ ফেব্ৰুৱাৰীৰ পুৱাই জাগীৰোড কাগজ কলৰ এগৰাকী কৰ্মচাৰীয়ে টাৱাৰত উঠি আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

যিটো কাগজ কলৰ কৰ্মচাৰীৰ কথা কৈ পৰিস্মিতাই বিধান সভাৰ মজিয়াত চকুলো টুকিছিল সেই কলটোৰ কৰ্মচাৰী ইমানুদ্দিন আহমেদ নামৰ কৰ্মচাৰীগৰাকীয়ে আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ পৰিস্মিতাৰ সেমেকা চকুৰে নিগৰি অহা চকুলোৱে সকলোৰে হৃদয়ত কঁপনি তোলাৰ দৃশ্যটোৱে সকলোকে চিন্তিত কৰাৰ সময়তেই এই কাণ্ড সংঘটিত হয়৷ কেৱল জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰে এনে অৱস্থা হোৱা নাই৷ ৰঙিয়া এপল মিল, কাছাৰ কাগজ কল আদিৰ শ্ৰমিক-কৰ্মচাৰীৰ একেই অৱস্থা৷ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পাহৰি এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ ওলাইছে৷

যাৰ বাবে ৰাজ্য খনৰ শ-শ শ্ৰমিক কৰ্মচাৰীৰ পৰিয়ালে হাহাকাৰ কৰিব লগা হৈছে৷ তাৰ মাজতে উত্তৰ পূৱৰ অন্যতম সাৰ উদ্যোগ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলি ফাৰটিলাইজাৰ কোম্পানী লিমিটেড চমুকৈ বি ভি এফ চি এল বন্ধ হোৱাৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে ১১ বছৰে উদ্যোগটোৰ প্ৰস্তাৱিত চতুৰ্থ গোট স্থাপনৰ ক্ষেত্ৰত পলম হৈছে। নামৰূপ ফাৰটিলাইজাৰ ৱৰ্কাছ ইউনিয়ন, নামৰূপ নামৰূপ ফাৰটিলাইজাৰ ইউনিয়ন আৰু বিষয়া সন্থাই ডিব্ৰুগড় শ্বহীদ ভৱনত সংবাদমেল আয়োজন কৰি বি ভি এফ চি এল বন্ধ হোৱাৰ দিশে আগবাঢ়িছে বুলি অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, এডভান্টেজ আসামৰ জৰিয়তে ৰাজ্যত উদ্যোগিকৰণৰ বিপ্লৱৰ কথা কৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত এতিয়া এটা এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ মৃত্যু মুখলৈ গতি কৰিছে। চৰকাৰৰ চৰম অনিহাৰ বাবেই ডিব্ৰুগড়ৰ নামৰূপস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ ৰাসায়নিক সাৰ কাৰখানাটো মৃত্যুৰ পথত। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ যোগান ধৰাৰ উপৰিও বিহাৰ, পশ্চিমবংগ, নেপাললৈকো সাৰ যোগান ধৰা তথা বৰ্তমান বন্ধ হৈ পৰাৰ উপক্ৰম ঘটা প্ৰকল্পটোক লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিশেষ ভুমিকা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নামৰূপ সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে।

এসময়ত এই সাৰ কাৰখানাক লৈ আন্দোলন কৰা তথা বৰ্তমান নিজে মুখ্যমন্ত্ৰী আসনত থাকিও কোনো গুৰুত্ব নিদিয়াত শুকুৰবাৰে সংবাদমেলৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰে সাৰ কাৰখানাৰ শ্ৰমিক-কৰ্মচাৰী ইউনিয়নে। সংবাদমেলত গুৰুত্বপূৰ্ণ উদ্যোগটো জীয়াই ৰখাত চৰকাৰৰ এনে চৰম হেমাহিত নামৰূপৰ সাৰ কৰ্মচাৰীকে আদি কৰি সকলো দল-সংগঠন তথা সচেতন ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলি সকীয়াই দি শীঘ্ৰে চতুৰ্থ গোটটো নিৰ্মাণৰ দাবী জনায়। উল্লেখ্য যে ১৯৭৬ চনত দ্বিতীয় গোট আৰু ১৯৮৭ চনত তৃতীয়টো গোট স্থাপন কৰিছিল যদিও ইতিমধ্যে সময় উকলি যোৱাত ২০০৬ চনৰ ২৬ জুনত তদানীন্তন কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক মন্ত্ৰী ৰামবিলাস পাচোৱানে চতুৰ্থ গোটৰ বিষয়ে ঘোষণা কৰি জইন্ট ভেঞ্চাৰ ব্যৱস্থাৰ জৰিয়তে স্থাপনৰ সিদ্ধান্ত লৈছিল।

সেই অনুসৰি অইল ইণ্ডিয়াই ২৬ শতাংশ, অসম চৰকাৰে ১১ শতাংশ, বি ভি এফ চি এলে ১১ শতাংশ আৰু মূলধনৰ সৈতে ৪৮ শতাংশ হোৱাৰ পাছত RASTRIYA CHEMICALS & FERTILIZER নামৰ এটা ৰাজহুৱা প্ৰতিষ্ঠানে বাকী ৫৩ শতাংশ দিয়াৰ বাবে আগবাঢ়ি আহিছিল। কিন্তু ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাত আজি পৰ্যন্ত হৈ নুঠিল। বিগত ১১ বছৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীৰ লগতে বিভিন্ন দল-সংগঠন। এডভান্টেজ আসাম'ৰ কথা কৈ লাখ লাখ কোটি বিনিয়োগেৰে উদ্যোগীকৰণৰ কথা কোৱা চৰকাৰৰ দিনত এটাৰ পিছত এটাকৈ উদ্যোগ বন্ধ হোৱাৰ পাছত এতিয়া নামৰূপ সাৰকাৰখানাটোও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ বাবেই বন্ধ হোৱাৰ উপক্ৰম হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাৰ কাৰখানা শ্ৰমিক ইউনিয়নৰ সধাৰণ সম্পাদক তিলেশ্বৰ বড়া আৰু কাৰখানা ৱৰ্কাচ ইউনিয়নৰ সাধাৰণ সম্পাদক মুগ্ধ মহন্তই।

বৰ্তমান দেশত প্ৰায় ৮৫ লাখ মেট্ৰিক টন ইউৰিয়াৰ অভাৱ হোৱাৰ লগতে বাহিৰৰ পৰা আমদানি কৰিব লগা হোৱাৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ এক মাত্ৰ উদ্যোগটো পুণৰ কাৰ্যক্ষম কৰাৰ প্ৰচেষ্টাৰ পৰিৱৰ্তে চৰম অৱহেলা কৰা কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছাত্ৰ সংগঠনটোৱে চতুৰ্থ গোট স্থাপনৰ বাবে কেবিনেটত আৱন্টিত ধন শীঘ্ৰে মুকলি কৰাৰ দাবী জনাই উদ্যোগটো মৃত্যু মুখৰ পৰা ঘুৰাই আনিবলৈ দাবী উত্থাপন কৰে। একেদৰে ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰকে সকীয়াই দিয়ে আছু নেতা লুৰিণজ্যোতি গগৈয়ে।