সকলোকে কন্দুৱাই অচিনা দেশলৈ গ’ল গোৰেশ্বৰৰ মহীৰূহ হৰিচৰণ ডেকাই

গোৰেশ্বৰঃ তেও আছিল জনতাৰ নেতা৷ তেওঁ গোৰেশ্বৰৰ বাবে আছিল এগৰাকী মহীৰূহ৷ গোৰেশ্বৰৰ সমাজখনৰ বাবে তেওঁ আছিল এগৰাকী শিক্ষাবিদ,  তেও আছিল গোৰেশ্বৰৰ বাবে আদৰ্শ৷ বিটিএডিৰ গোৰেশ্বৰৰ বাবে তেও আছিল সমন্বয়ৰ সাঁকো৷ বিভিন্ন জাতি ধৰ্মৰ লোকক একত্ৰিত কৰি গোৰেশ্বৰৰ উন্নয়ন, শান্তি, শিক্ষাৰ দিশ টনকীয়াল কৰাৰ বাবে অহৰহ জাগি আছিল তেওঁ৷ আজীৱন জনসাধৰণৰ বাবে কাম কৰি তেও অৱশেষত সকলোৱে কন্দুৱাই অচিনা দেশলৈ গুচি গ’ল৷

শুভ্ৰ ধুতি-কুৰ্তা পৰিহিত চুটি চাপৰ, আটিল চেহেৰাৰ মানুহজনে সদায় খোজ কাঢ়িয়েই সমাজৰ ইটোৰ পিছত সিটো কাম কৰাৰ বাবে আগভাগ লোৱা বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰংমহল হাঁহচ'ৰা গাঁৱৰ নিবাসী প্ৰাক্তন প্ৰধান শিক্ষক, সমাজ কৰ্মী হৰিচৰণ ডেকাৰ (৭০) শনিবাৰে নিশা ১০ বজাত মৃত্যুক আকোৱালি লয়। সমাজখনেকে নিজৰ ঘৰ বুলি ভাবি দিনে নিশাই কেৱল সমাজৰ কাম কৰা যোৱা হৰিচৰণ ডেকাই নিশা প্ৰায় ৮ বজাত আহাৰ গ্ৰহণ কৰাৰ পিছত উশাহ-নিশাহ লোৱাত কষ্ট পোৱা অনুভৱ কৰে৷

তাৰ পিছতেই পৰিয়ালৰ লোকে ততাতৈয়াকৈ গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। তেওৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতেই শোকৰ ছাঁ পৰে গোৰেশ্বৰত৷ দেওবাৰে পুৱাৰে পৰা তেওঁৰ বাসগৃহ গুণমুগ্ধৰে ভৰি পৰে৷ বিটিচিৰ ইএম মহেশ্বৰ বসুমতাৰী তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁৰ মৃত্যু গোৰেশ্বৰবাসীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ৰাইজে। গোৰেশ্বৰৰ সমাজখনে এগৰাকী অভিভাৱক স্বৰূপ আছিল বুলি কয়। সমাজখনৰ প্ৰতিটো কামতে অৰিহণা আগবঢ়াই আহিছে৷

গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মেট্ৰিক পৰীক্ষা কেন্দ্ৰটোৰ এক অনানুষ্ঠানিক সভাত উপস্থিত থাকি পৰীক্ষা সুকলমে চলাই নিয়াৰ বাবেও অধ্যক্ষৰ সৈতে মত বিনিময় কৰিছিল। ১৯৪৬ চনত ৰংমহল হাঁহচ'ৰা গাঁৱত জন্ম গ্ৰহণ কৰা ডেকাই ৰংমহল হাঁহচ'ৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক, গোৰেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মজলীয়া আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৬৫ চনত তেওঁ মেট্ৰিকুলেচন কৰে। ৰঙিয়া মহবিদ্যালয়ৰ পৰা পি ইউ আৰু গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ডেকাই। বাণীকান্ত বিটি কলেজৰ পৰা বিটি ডিগ্ৰীও লাভ কৰিছিল।

গোৰেশ্বৰৰ শিঙিমাৰী হাইস্কুলত এবছৰ কাল শিক্ষকতা কৰাৰ পিছত ১৯৭২ চনত পূৱ কামৰূপ এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে দুবছৰ কাল দায়িত্ব পালন কৰে। ইয়াৰ পিছত ১৯৭৩ চনত গোৰেশ্বৰ ছোৱালী হাইস্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে আৰু ২০০৮ চনৰ ৩০ নবেম্বৰত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জৰিত আছিল হৰিচৰণ ডেকা। ১৯৯২ চনত গোৰেশ্বৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিৱেশনৰ মূল সমিতিৰ বিত্ত সম্পাদক আছিল।

গোৰেশ্বৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে দায়িত্ব পালন কৰা ডেকাই মৃত্যুৰ সময়লৈ মহাবিদ্যালয়খনৰ পৰীক্ষা কেন্দ্ৰৰো সভাপতি হৈ আছিল। গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰো আছিল তেওঁ সভাপতি। বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ তেওঁ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ সম্পাদক আৰু ২০০২ চনৰ পৰা ২০১০ চনলৈ সভাপতি আছিল। গোৰেশ্বৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ডেকা আছিল প্ৰতিষ্ঠাপক সম্পাদক। গোৰেশ্বৰ উন্নয়ন সমিতি, গোৰেশ্বৰ মহকুমা দাবী সমিতি, গোৰেশ্বৰ সমষ্টি দাবী সমিতিৰ সভাপতি, গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা, গোৰেশ্বৰ বিজ্ঞান সমিতিৰো তেওঁ আছিল প্ৰাক্তন সভাপতি।

পূব কামৰূপ এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল প্ৰয়াত হৰিচৰণ ডেকা। শিক্ষকতা আৰু সমাজিক কামত জৰিত থাকিও এগৰাকী ভাল কৃষক হিচাপে তেওঁৰ সুনাম আছিল। গোৰেশ্বৰ  যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ, গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সোনালী জয়ন্তী উদযাপন সমিতিৰো ডেকা সভাপতি আছিল। দেওবাৰে ৰংমহল দক্ষিণ হাঁহচ'ৰা জনকল্যাণ সংঘ, ৰংমহল হাঁহচ'ৰা নিম্ন বুনিয়াদী বিদ্যালয়, পূৱ কামৰূপ এম ই স্কুল, পূৱ কামৰূপ জনতা হাইস্কুল, গোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৰেশ্বৰ সাহিত্য সভা ভৱন, গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা, গোৰেশ্বৰ  মহাবিদ্যালয়, গোৰেশ্বৰ আঞ্চলিক শৰণীয়া কচাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয় আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷

চিপিআই এমৰ কাৰ্যালয় আৰু শেষত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ কাৰ্যালয় নি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৰেশ্বৰৰ উন্নয়নমূলক কাম কাজত সততে আগভাগ লৈ অহা সমাজ কৰ্মীজনে বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ জৰিয়তে গোৰেশ্বৰ ষ্টেট বেংক স্থাপন কৰাকে ধৰি সকলো শৈক্ষিক আৰু সামাজিক কামত ডেকাই নিস্বাৰ্থভাৱে দায়িত্ব পালন গৈছিল। গোৰেশ্বৰ মহকুমা দাবী সমিতিৰ যোগেৰে তেওঁ গোৰেশ্বৰৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছিল। অঞ্চলটোত শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰতো তেওঁৰ আছিল অৱদান। কেইবাবাৰো প্ৰশাসনে গঠন কৰা শান্তি সমিতিৰ তেওঁ আছিল সভাপতি। তেওঁৰ মৃত্যুত দল সংগঠনে শোক প্ৰকাশ কৰে।

গোৰেশ্বৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, প্ৰাথমিক বড়ো সাহিত্য সভা, তামুলপুৰ জিলা বড়ো সাহিত্য সভা, কলিতা জনগোষ্ঠী সন্মিলন, গোৰেশ্বৰ পতঞ্জলি যোগ সমিতি, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ গোৰেশ্বৰ আৰু বাক্সা জিলা সমিতি, সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰী, গোৰেশ্বৰ প্ৰেছ ক্লাৱ, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ গোৰেশ্বৰ আঞ্চলিক সমিতি, গোৰেশ্বৰ আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদ, গৰিয়া-মৰিয়া জনগোষ্ঠীয় পৰিষদ, গোৰেশ্বৰ ব্যৱসায় সমিতি, গোৰেশ্বৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা, গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা, বড়ো প্ৰাথমিক শিক্ষক সন্থা, অসম বিজ্ঞান সমিতি, মুছলিম যুৱ-পৰিষদ, চিপিআইএম, ডিৱাই এফ আই, চিআইটিইউ আদি দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, ২ পুত্ৰ, জী, বোৱাৰী, নাতি আৰু গুণমুগ্ধক এৰি থৈ যায়। সোমবাৰে গোৰেশ্বৰ ব্যৱসায় সমিতিয়ে পুৱা ৫ বজাৰ পৰা ১০ বজালৈ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি শ্ৰদ্ধা যাচিব ডেকাক৷