মৰিগাঁৱত মদ জুৱাৰ প্ৰচলন বন্ধ কৰাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলনৰ

মৰিগাঁওঃ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মদ জুৱাৰ অবাধ প্ৰচলন চলি থকাৰ অভিযোগ উত্থাপন কৰিছে কলিতা জনগোষ্ঠী সন্মিলন আৰু কলিতা সেনাই৷ আইন বিৰোধী কাৰ্যকলাপ চলি থকাৰ পিছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত সৰৱ হৈ পৰিছে কলিতা জনগোষ্ঠীৰ সংগঠন দুটাই৷

মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সম্পাদক দুলু মণি বৰা আৰু কলিতা সেনাৰ আহ্বায়ক বিশ্বজিত কলিতাই এক বিবৃতি যোগে বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি মদ, ভাং, ড্ৰাগছ আদিৰ অবাধ প্ৰচলন চলি থকা বুলি অভিযোগ উত্থাপন কৰে৷

তীৰ, জুৱা, গাড়ী চুৰি আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্য সংঘটিত কৰি একাংশ লোকে দপদপাই থকাৰ পিছতো প্ৰশাসনে ব্যৱস্থা নোলোৱাত স্থানীয় ৰাইজে জীৱন আৰু সম্পত্তিৰ চিন্তাত পৰা বুলি কয়। কিন্তু আৰক্ষী-প্ৰশাসনে ব্যৱস্থা নোলোৱাৰ বাবে বৰ্তমান পৰিস্থিতি অত্যাধিক অৱনতি ঘটিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠন দুটাই। সমাজ বিৰোধি চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠন দুটাই৷