
নামতিঃ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ শ্ল’গান দি দিছপুৰৰ গাদী দখল কৰা বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ জোঁট চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিবলৈ আহৰি পাবনে৷ জকাইচুকৰ বাট-পথত খোজকাঢ়িব নোৱাৰি জৰাজীৰ্ণ অৱস্থাৰ বাবে৷ আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগে জকাইচুকৰ লোকে৷ যাৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিছেনে?
কংগ্ৰেছৰ দিনত গাঁৱে-ভূঞে অজস্ৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছে যদিও সেয়া মাত্ৰ একাংশ বিষয়া-অভিযন্তা-ঠিকাদাৰৰ ধন ঘটিবৰ বাবেহে নিৰ্মাণ কৰা হৈছিল৷ কিয়নো তেনে কোনো আঁচনিয়ে ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা নাই৷ হাবি-জংঘলে আৱৰি ৰাখিছে এই আঁচনি সমূহ৷ ৰাজ্যৰ খনৰ আঙুলিৰ মুৰত গনিব পৰা মাথো কেইটামান বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়েহে পানী যোগান ধৰি আহিছে৷
যি কেইখন আঁচনিয়ে পানী যোগান ধৰি আহিছে সেয়া প্ৰকৃততে বিশুদ্ধ পানী যোগান ধৰি আছেনে৷ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত নামতি বৰুৱাপুখুৰী পঞ্চায়তৰ পানী যোগান আঁচনিখনে প্ৰকৃত স্বৰূপটো উদঙাই দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ৷
এটুপি বিশুদ্ধ পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ নামতি বৰুৱাপুখুৰী পঞ্চায়তৰ সৰ্বসাধাৰণ ৰাইজে। উক্ত অঞ্চলটোৰ সৰহ সংখ্যক লোকৰ পানীৰ শেষ আশ্ৰয় এতিয়া বিল-পুখুৰী-নৈ। একবিংশ শতিকাৰ মাজভাগতো কোনো এখন চৰকাৰে ৰাইজক খোৱাপানীৰ যোগান ধৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক। ইফালে অঞ্চলটোত ভালেকেইটা পানী যোগান আঁচনি আছে। তাৰে দুই এটাৰ পৰা পানীৰ যোগান ধৰি থকা হৈছে যদিও ৰাইজে সময়মতে এটুপি বিশুদ্ধ পানী লাভ কৰা নাই।
অঞ্চলটোৰ এটা অন্যতম পানী যোগান আঁচনি ৰূপজান ভৰলুৱা পানী যোগান আঁচনি। উক্ত আঁচনিখনৰ পৰা ভালে কেইখন গাঁৱৰ ৰাইজে পানী সেৱন কৰিছিল। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে উক্ত আঁচনিখন আজি এবছৰতকৈ অধিক কাল বিকল হৈ আছে। ফলত আঁচনি খনৰ পৰা পানী সেৱন কৰি থকা ৰাইজে বহু দিনৰে পৰা পানী সেৱন কৰিবলৈ পোৱা নাই। আঁচনিখনৰ সাঁ-সজুলি সমূহ জহি খহি গৈছে কিন্তু তাৰ প্ৰতি লক্ষ্য কৰা নাই বিভাগীয় অভিযন্তাই।
কেৱল ৰূপজান ভৰলুৱা পানী যোগান আঁচনিয়েই নহয় অঞ্চলটোত থকা এনে আঁচনি সমূহৰ আটাইবোৰ আঁচনিয়ে অৰ্ধ বিকল বা কাৰিকৰী ভাৱে বিকল হৈ আছে। মধ্যবিত্ত পৰিয়াল সমূহে নিজাকৈ পানীৰ ব্যৱস্থা কৰিছে যদিও উক্ত পানী সমূহ আৰ্ছেনিক মুক্ত হয় নে নহয় তাৰ পৰীক্ষা নিৰীক্ষা কৰি দিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ আহৰি নাই। কিন্তু এই আঁচনি সমূহৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তাৰ পৰা আৰম্ভ কৰি কৰ্মচাৰী সকলে সময়মতেই দৰমহা আদায় কৰি আহিছে।
বৰ্তমান অঞ্চলটোৰ শতাধিক শিশুৰ পৰা বৃদ্ধলৈ সকলো ছালৰ ৰোগত আক্ৰান্ত হৈছে। যি সকলে ঘৰত দমকল বহুৱাই লৈছে তাত সাংঘাটিক পৰিমাণে আইৰণ থকা হেতুকে এনে ৰোগত আক্ৰান্ত হোৱা বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে যি সকল লোকে নৈ বিল আদিৰ পানী সেৱন কৰিছে তাৰ সৰহ সংখ্যক লোক এতিয়া ডায়েৰিয়াত আক্ৰান্ত হৈছে। বহু সময়ত ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছে যদিও নিদ্ৰামগ্ন হৈ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিয়াগোম বিষয়াসকল।
লগতে নিৰ্বাচনৰ সময়ত ৰাইজৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া স্থানীয় জনপ্ৰতিনিধি গৰাকীয়ে এটুপি বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰাটো অতি লজ্জাজনকভাৱে বিবেচিত হৈছে। ভূক্তভোগী ৰাইজে বিকল হৈ থকা পানী যোগান আঁচনি সমূহ সম্পূৰ্ণ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে।