
শ্বিলংঃ মেঘালয় বিধান সভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাজত মাথো কাইটামান ঘন্টা৷ ২৭ ফেব্ৰুৱাৰীৰ পুৱাই ৰাজ্যৰ জনসাধৰণে ভোট দিবলৈ ওলাই আহিব৷ নিৰ্বাচনৰ বাবে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসনে৷ ভোট কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মীৰ দল ইতিমধ্যে ৰাওনা হৈছে৷
Meghalaya to undergo voting tomorrow. Visuals of preparation from Shillong. #MeghalayaElection2018 pic.twitter.com/n8KPe9JsJD
— ANI (@ANI) February 26, 2018
সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দূৰ্গম এলেকালৈ নিৰ্বাচনী বিষয়া-কৰ্মীক পঠোৱাত পুৱাৰে পৰা জিলাসমূহৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং-প্ৰিজাইডিং বিষয়া ব্যস্ত হৈ পৰিছিল যদিও শেহতীয়া খবৰ মতে বিষয়াসকল একোখন গাড়ীৰে ইভিএম মেচিন লৈ গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে৷
ৰাজধানী শ্বিলঙতো পুৱাৰে পৰা ব্যাপক ব্যস্ততা৷ প্ৰশাসনৰ এক যুদ্ধকালীন পৰিস্থিতি দেখা যায়৷ যাত্ৰাকালত হাতে হাতে বন্দুক লৈ নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দি লৈ যায় বিষয়াসকলক৷ মঙলবাৰে ৬০টা বিধান সভা সমষ্টিৰ ৰাইজে ৬০গৰাকী লোকৰ ভাগ্য নিৰ্ণয় কৰিব৷ আৰক্ষী সঞ্চালক প্ৰধান এছ বি সিঙে সকলো ভোট গ্ৰহণ কেন্দ্ৰত ৰাইজে নিসন্দেহে ওলাই আহি ভোট দিব পাৰিব বুলি কয়৷ আনহাতে এয়া গণতন্ত্ৰৰ এক মহৎ উৎসৱ বুলি ধৰি ললে বুধবাৰে প্ৰজাই হে ৰজাৰ ভাগ্য নিৰ্ণয় কৰিব৷
এইবাৰ নিৰ্বাচনত স্পৰ্শ কাতৰ ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী সংখ্যা বৃদ্ধি কৰা হৈছে৷ তুলনামূলক ভাৱে মেঘালয়ত স্পৰ্শ কাতৰ, অতি স্পৰ্শ কাতৰ বুলি চিনাক্ত কৰা ভোট কেন্দ্ৰ সমূহত চিআৰপিএফ-আৰক্ষীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে প্ৰতিগৰাকী বিষয়াৰ সৈতে যাব চিআৰপিএফ-আৰক্ষীৰ দল৷ ৰাজ্যৰ পুৰুষ-মহিলাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷
এইবাৰ নিৰ্বাচনত কংগ্ৰেছে যুঁজত আগত থকা বুলি ধাৰণা কৰা হৈছে যদিও মেঘালয়ত আঞ্চলিক দল সমূহে প্ৰভাৱ পেলাব বুলি চৰ্চা আৰম্ভ হৈছে৷ ৰাজ্য খনৰ জনসাধৰণে কাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে সেয়া ভোটগণনাতহে ওলাই পৰিব৷
৩ মাৰ্চত নিৰ্বাচনৰ ভোট গণনা তথা ফলাফল ঘোষণা কৰিব নিৰ্বাচন আয়োগে৷ ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডত ৬০ খনকৈ আছে বিধান সভা আসন৷ ইতিমধ্যে কেন্দ্ৰৰ শাসকীয় দল বিজেপি, বিৰোধি কংগ্ৰেছ, চিপিআইএম তথা আঞ্চলিক দল সমূহে তীব্ৰ প্ৰচাৰৰ সামৰণি পেলায়৷