শক্তিশালী মহিলাৰো অন্তৰখন কেতিয়াবা কোমল হয়, ৫০ বছৰৰ পিছত কেনেকৈ হয় ৰূপৱান-ৰূপৱতী?

ডিজিটেল ডেস্কঃ সকলোকে এৰি অচিনা দেশলৈ গ’ল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷ ডুবাইৰ হোটেলত হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ তেওৰ মৃত্যুক সমগ্ৰ দেশে ম্ৰিয়মান হৈ পৰে৷ কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত উত্থাপন হৈছে নানান প্ৰশ্ন৷ একাংশ লোকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে৷

চাৰ্জাৰি, ক্ষীণকায় হৈ থাকিবলৈ ঔষধ ব্যৱহাৰ কৰা আদিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে৷ নিজৰ সৈতে যুদ্ধ কৰি যেনে তেনে নিজকে সুন্দৰ কৰি ৰখাৰ বাবে বয়স লুকুৱাই ৰখাৰ চেষ্টা কৰি অসময়ত প্ৰাণ দিব লগা হ’ল বুলি চৰ্চা আৰম্ভ হৈছে৷ গ্লেমাৰ জগতৰ পুৰুষ মহিলাই বিভিন্ন ধৰণে সুন্দৰতা, ৰূপ-লাৱণ্য ধৰি ৰখাৰ কথাৰো চৰ্চা আৰম্ভ হয়৷ এই চৰ্চা আৰম্ভ হৈছে যদিও কোনেওা দিনে ইয়াৰ উত্তৰ কোনেও দিব নোৱাৰে সেয়া খাতাং৷ কিন্তু নিজৰ সুন্দৰতা, ৰূপ-লাৱণ্য ধৰি ৰাখিবলৈ চিকিৎসা বিজ্ঞানে নানান উপায় উদ্ভাৱন কৰিছে সেই কথা সঁচা৷

এতিয়া কেৱল গ্লেমাৰ জগতৰ মহিলাই নহয় উচ্চ বিত্তৱান লোকসকলেও এনে ব্যৱস্থাৰ জৰিয়তে নিজৰ ৰূপ লাৱণ্য ধৰি ৰাখিব বিচাৰে৷ এনেবোৰ পন্থা যুক্তি সংগত হয় নে নহয় উচিত নে অনুচিত সেয়া বিচাৰ কৰি চাব পৰা যায়৷ চিকিৎসকৰ মতে, এয়া উচিত নহয় বুলিহে কোৱা শুনা যায়৷ বিশেষকৈ ৪৫ বছৰ পাৰ হোৱাৰ পিছত দেহৰ অৱয়ব সলনি হয়৷ কিন্তু এই সময়ত নিজৰ যৌৱন ধৰি ৰখাৰ বাবে চেষ্টা কৰা হয়৷ বিভিন্ন পন্থা অৱলম্বন কৰা হয়৷ এটি ৱেবছাইটে দেশৰ আগশাৰীৰ কছমেটিক চাৰ্জেন মনোজ খান্না, এণ্ডোক্ৰনলজিষ্ট সতীনাথ মুখপধ্যায়, গাইনকলিজিষ্ট বাসন মুখপধ্যায়, কাৰ্ডিলজিষ্ট অৰ্ণৱ ৰায়, স্কিণ বিশেষজ্ঞ কৌশিক লাহিৰীৰ পৰা মন্তব্য সংগ্ৰহ কৰে৷

তেওলোক বিজ্ঞানৰ উপায়েৰে বয়স লুকুৱাই নিজকে ডেকা বা গাভৰু কৰি ৰাখিব পাৰি নেকি বুলি প্ৰশ্ন কৰা হৈছিল? এই কথা অৱশ্যেই সম্ভৱ বুলি কয়৷ ৰূপ-লাৱণ্য ধৰি ৰাখিবলৈ তথা শৰীৰ ক্ষীনকায় কৰি ৰখাৰ বাবে মানুহে এনে পন্থা অৱলম্ব কৰে৷ বহু সময়ত চাৰ্জাৰি কৰে মানুহে৷ গ্লেমাৰ জগতৰ একাংশ অভিনেতা-অভিনেত্ৰী ৫০-৫৫ বছৰৰ পিছতো নিজকে এনে উপায়েৰে সুন্দৰ কৰি ৰাখে৷ এই ক্ষেত্ৰত কোৱা হয় ৰূপ লাৱণ্যৰ সৈতে হৰমনৰ সম্পৰ্ক থাকে৷ কিন্তু ভাৰতীয় মহিলাৰ ৪৮ বছৰৰ পিছত ঋতুবন্ধ হয়৷ ফলত শৰীৰৰ বিভিন্ন হৰমনৰ শক্তি কমি আহে৷ তাৰ লগে লগে মানুহৰ দেহত বয়সৰ ছাপ পৰিবলৈ আৰম্ভ কৰে৷

হৰমন ৰিপ্লেচমেন্ট থেৰাপি কৰি বাহিৰৰ পৰা হৰমন ইষ্ট্ৰোজেন চাপ্লিমেন্ট কৰি নতুবা ভিটামিনৰ দৰে কেপচুলৰ খাই কৃত্ৰিম ভাৱে শৰীৰ পৰিৱৰ্তন কৰিব পাৰি৷ যাৰ ফলত শৰীৰ লাৱণ্য ঘুৰি আহে৷ আনহাতে বটক্স থেৰাপি নতুবা বটুলিনাম টক্সিন নামৰ ঔষধো ব্যৱহাৰ কৰা হয়৷ এনে ধৰণৰ ঔষধ সমূহ ইনজেকচন হিচাপেও দিয়া হয়৷ মুখাৱয়ৰ তথা কপালৰ দাগ সমূহ আতৰ কৰে৷ যাৰ ফলত মুখমণ্ডলত এটাও দাগ নাথাকে৷ শৰীৰৰ আন আন অংগত এই বটক্স ইনজেকচন ললেও তেনেদৰে প্ৰভাৱ নপৰে বুলি কোৱা দেখা যায়৷ নিজকে ক্ষীণকায় কৰি ৰাখিবলৈ তথা এই ব্যৱস্থা দীৰ্ঘম্যাদী কৰি ৰাখিবলৈ প্লাষ্টিক চাৰ্জাৰি কৰা হয়৷ নিৰামিষহাৰী, ডায়েটিং কৰিওঁ ক্ষীণ হৈ থাকিব পাৰে৷

কিন্তু মেটফৰ্মিনৰ দৰে ঔষধ বহু লোকে খাই৷ কচমেটিক চাৰ্জাৰি সুবিধাজনক নহয় বুলি কোৱা হয়৷ বাৰে বাৰে অস্ত্ৰোপচাৰ কৰি থাকিলে বিভিন্ন অংগ সতেজ কৰি ৰখা সম্ভৱ নহয়৷ কিয়নো এনে বোৰ পন্থা সেয়া কচমেটিক চাৰ্জাৰি তথা বটক্স থেৰাপি হওঁক এইবোৰ নিচাৰ দৰে হৈ যায়৷ মানুহে সময়মতে নকৰিলে অসুবিধাত পৰে৷ যেতিয়ালৈ হৰমন নিৰাপদে থাকে তেতিয়ালৈ মানুহ সুন্দৰ হৈ থাকিব৷ এনে কৰাৰ ফলত হৃদযন্ত্ৰত চাপ পৰে বুলি কোৱা দেখা যায়৷ এটি মাৰ্কিন চিকিৎসা সন্থাই কচমেটিক চাৰ্জাৰি তথা বটক্স থেৰাপি বাৰে বাৰে কৰিলে হিতে বিপৰীত হয়৷ হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি হয়৷ হঠাৎ তেজ জমা হৈ হৃদৰোগত আক্ৰান্ত হ’ব পাৰে মানুহ৷

ক্ৰছ ডায়েটিংৰ বাবে হৃদপিণ্ডত প্ৰভাৱ পৰে৷ ক্ষীণকায় হৈ থাকিবলৈ ব্যৱহাৰ কৰা টেবলেটে শৰীৰৰ প্ৰটিন নষ্ট কৰি এছিড কৰি পেলায়৷ যিবোৰ মানৱ শৰীৰৰ বিপজ্জনক৷ প্ৰকৃততে ঋতুৰ মতেই হোৱা প্ৰয়োজন মানুহৰ জীৱন যাত্ৰা৷ চাহ-কফি, মদ্যপান, ধূমপান, খাদ্যভ্যাস থিক মতে কৰিলেই জীৱন সুন্দৰ হয়৷ আনহাতে পৰিচালক একতা কাপোৰৰ এটি টুইটেও বিতৰ্কৰ সুচনা কৰে৷ শ্ৰীদেৱীৰ মৃত্যুৰ পিছত বিতৰ্কৰ সৃষ্টি কৰা সকলক উত্তৰ দি অপপ্ৰচাৰ চলোৱাসকলক ইভিল আখ্যা দিয়ে৷ একতাই ক্ষোভ ব্যক্ত কৰি কয় এশজনৰ মাজত এজনৰ কোনোধৰণৰ হৃদৰোগজনিত ৰোগ অথবা যিকোনো শল্যচিকিৎসাৰ নজীৰ নথকাৰ পিছতো ষ্ট্ৰোক হ’ব পাৰে৷ এয়াই নিয়তি, উৰাবাতৰি প্ৰচাৰ কৰাসকলে চলোৱা অপপ্ৰচাৰত কোৱা কথাক ভিত্তিহীন আখ্যা দি একতাই আচলতে আটাইতকৈ শক্তিশালী মহিলাৰে অন্তৰখন কেতিয়াবা কোমল হয় বুলি কয়৷