
কোকৰাঝাৰঃ জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নহয়। ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে অজনজাতিসকলে আন অজনজাতিসকলৰ লগত ভূমি কিনা বেচা কৰিব পাৰে। এয়া সংবিধানপ্ৰদত্ত নিয়ম।
এই মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। একাংশ সংবাদ মাধ্যমত বিটিএডিত ভূমিৰ অধিকাৰ হেৰুৱাব অবড়োৱে বুলি প্ৰকাশিত বাতৰিৰ আঁত ধৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। নিজ স্থিতিত অটল থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে সংবিধান সংশোধন নকৰালৈকে এনে নিয়মে বাহাল থাকিব আৰু প্ৰতিবাদ-ধৰ্ণাই কোনো ধৰণৰ প্ৰভাৱ নেপেলাব। প্ৰতিবাদী কাৰ্যসূচী ললে দিল্লীত লওঁক আৰু কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সংসদত আইন সংশোধনৰ বাবে চেষ্টা কৰক বুলি তীৰ্যক মন্তব্য কৰি মহিলাৰীয়ে ট্ৰাইবেল বেল্ট আৰু ব্লকত অজনজাতিয়ে জনজাতিৰ ভূমি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।
বিটিএডিৰ এগৰাকী বিষয়াই ভুলক্ৰমে জনজাতিৰ ভূমি অজনজাতি ব্যাক্তিৰ নামত নামজাৰী কৰিছিল আৰু উক্ত বিষয়টোহে আলোচনা কৰা হৈছিল বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিটিচি চুক্তি অনুসৰি জনজাতিৰ ভূমি কাহানিও অজনজাতিৰ নামত নামজাৰী নহয়। ইফালে বিটিএডিত ভূমিকে ধৰি আন অধিকাৰৰ সন্দৰ্ভত আদিৱাসী সেৱা সমিতি, নাথ যোগী ছাত্ৰ সন্থা, আদিৱাসী জাতীয় মহাসভা, অসম প্ৰাদেশিক যোগী সন্মিলনী, আক্ৰাছু আদিকে ধৰি কেইবাটাও সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
পৃথকে পৃথকে দিয়া প্ৰেছ বিবৃতি আৰু টেলিফোনিক বিবৃতিত সংগঠন কেইটাই বিটিচিৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত বিটিচিৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সিদ্ধান্তক সমালোচনা কৰি উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায়। আদিৱাসী জাতীয় মহাসভাৰ সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে, আছাম লেণ্ড এণ্ড ৰেগুলেচন এক্ট ১৮৮৬ৰ অধ্যায় দহ অনুসৰি সংৰক্ষিত শ্ৰেণীৰ মৰ্যদাপ্ৰাপ্ত কোনো খিলঞ্জীয়াই যাতে ভূমিকে ধৰি আন অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়।
বিটিচিৰ কেবিনেট নোটক ৰাজনৈতিক ষড়যন্ত্ৰমুলক আখ্যা দি কেবিনেট নোট বাতিল কৰি সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে পুণৰ বিবেচনাৰ আহ্বান জনাই উক্ত সিদ্ধান্ত কাৰ্যকাৰী হলে খিলঞ্জীয়াৰ অস্তিত্ব সংকটাপন্ন বুলি মন্তব্যৰে এয়া পুৰ্ব পৰিকল্পিত আৰু খিলঞ্জীয়াৰ ভূমি অধিকাৰ বাবে গঠন হোৱা হৰিশংকৰৰ ব্ৰহ্ম আয়োগৰ সতে সুৰ মিলাই কৰা এক কাৰ্য বুলিও তাপপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে বীৰসিং মুণ্ডাই।
বিটিএডি এলেকাত থকা সংৰক্ষিত শ্ৰেণীৰ লোকসকলক বিটিচিয়ে চুপাৰচিড কৰি সাধাৰণ শ্ৰেণীলৈ পৰিবৰ্তন কৰা কাৰ্য মুঠেই সমৰ্থনযোগ্য নহয় বুলি মন্তব্য আগবঢ়াই বীৰসিং মুণ্ডাই সংৰক্ষিত শ্ৰেণীৰ অধিকাৰৰ হকে ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰে। ইপিনে আদিৱাসী সেৱা সমিতিৰ সাধাৰণ সম্পাদক হোপনা সৰেনে বিটিএডিত বসবাস কৰা লোকসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰক তীব্ৰ ভাষাৰে গৰিহণা দি বিটিচি কেবিনেটৰ হঠকাৰী সিদ্ধান্তক অতি শীঘ্ৰে বাতিল কৰিবলৈ আহ্বান জনায়।
অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে বিটিচি কেবিনেটৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত কাৰ্যকাৰী হ'লে নাথ যোগীকে ধৰি আন খিলঞ্জীয়াই নিজৰ অধিকাৰ হেৰুৱাই পেলাব বুলি কয়। সাংবিধানিকভাৱে স্বীকৃত সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা বিটিচি প্ৰশাসনে ৰদ কৰি সাধাৰণ শ্ৰেণী কৰিব বিচৰাটো এক ভয়াৱহ দিনৰ আগজাননি বুলি মন্তব্যৰে স্বাধীকাৰৰ দাবীত ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই বুলি মন্তব্য কৰে। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে বিটিচি কেবিনেটৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়ে জাতি জনগোষ্ঠীৰ মাজত বিভাজন আনিব বুলি মন্তব্য কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা ৰদ কৰিলে ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য আগবঢ়ায়।
আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি হাগ্ৰামা মহিলাৰীৰ কুচক্ৰান্তক ধিক্কাৰ দি এয়া খিলঞ্জীয়াক বিটিএডিৰ পৰা বিতাড়িত কৰাৰ এক কৌশল বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্লিপ্ত ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰি আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে হাগ্ৰামা মহিলাৰীৰ সম উন্নয়ন, সম অধিকাৰৰ শ্ল’গান ভূৱা বুলি মন্তব্যৰে কোনোপধ্যে এনে সিদ্ধান্ত কাৰ্যকাৰী হবলৈ নিদিয়ে বুলি উল্লেখ কৰি সকলো দল-সংগঠনক একত্ৰিত কৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি কয় হিতেশ্বৰে।