
ওদালগুৰিঃ জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নহয়। ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে অজনজাতিসকলে আন অজনজাতিসকলৰ লগত ভূমি কিনা বেচা কৰিব পাৰে। বিটিচ কৰ্তৃপক্ষই এই নিয়ম অৱলম্বন কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে বিটিচি অঞ্চলত বসবাস কৰা অবড়ো লোকসকল৷ ভূমিৰ অধিকাৰ হেৰুওৱাৰ অভিোগ উত্থাপন কৰি বিটিচিত অবড়োসকলক সাধাৰণ শ্ৰেণী হিচাপে অন্তৰ্গত কৰা হোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে দল-সংগঠন।
জনজাতি লোকে অজনজাতি লোকক বা অজনজাতিৰ লোকে অজনজাতীৰ লোকৰ হাতত বিক্ৰী কৰিব নোৱাৰিব ভূমি। বিগত ১২ জানুৱাৰীত বিটিচি পৰিষদৰ কেবিনেট বৈঠকত ভূমি-ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমি হস্তান্তৰৰ প্ৰস্তাৱটো উত্থাপিত কৰিছিল। প্ৰস্তাৱযোগে সংৰক্ষিত শ্ৰেণীৰ লোকসকলৰ সংৰক্ষণ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ফলত সংৰক্ষিত শ্ৰেণীৰ লোকসকলক সাধাৰণ শ্ৰেণীৰ বুলিহে গণ্য কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পাছত ৩১ জানুৱাৰীত এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
বিটিচি প্ৰশাসনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি সোমবাৰে এক বিবৃতি যোগে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি মিন্টু দাস আৰু সচিব প্ৰধান ধনদ্বীপ বৰাই কয় যে, বিটিচি বিটিচি অঞ্চলত ইতিমধ্যে কেওট, কলিতা, ব্ৰাহ্মনকে ধৰি বহু কেইটা খিলঞ্জীয়া ভাষিক অসমীয়া জনগোষ্ঠীয়ে ভূমি অধিকাৰ হেৰুৱাইছে আৰু ইয়াৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিখনে ধাৰাবাহিকভাৱে মাত মাতি আহিছে। ইয়াৰ মাজতে ভূমি অধিকাৰৰ দাবীৰে সংগ্ৰাম চলাই থকাৰ সময়তে হাগ্ৰামা বাহিনীৰ এই সিদ্ধান্ত অপমানজনক। সংগঠনটোৰ নেতৃত্বই লগতে কয় যে, বিটিচি অঞ্চলৰ সকলো লোকৰ অধিকাৰ, মৰ্যাদা সুৰক্ষিত হোৱাটো অসমীয়া যুৱ মঞ্চই আন্তৰিকতাৰে বিচাৰে।
কিন্তু খিলঞ্জীয়া কেৱল জনজাতিসকল নহয়। গতিকে বিটিচিত বাস কৰা অজনজাতি খিলঞ্জীয়াসকলক সুৰক্ষিত কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰতিটো খিলঞ্জীয়া অসমীয়া পৰিয়ালৰ হাতত ভূমি অধিকাৰ থাকিব লাগিব। যুৱ মঞ্চই দাবী কৰে যে, বিটিচি অঞ্চলত বসবাস কৰা কেওট, কলিতা, ব্ৰাহ্মন, কোচ-ৰাজবংশী, নাথ যোগীকে ধৰি প্ৰতিজন খিলঞ্জীয়া ভাষিক অসমীয়া লোকে ভূমি অধিকাৰ পাবই লাগিব।
বিবৃতিৰ জৰিয়তে সংগঠনটোৱে বিটিচি প্ৰশাসনৰ এই সিদ্ধান্ত বাতিল কৰাৰো দাবী জনাই অন্যথা জনগোষ্ঠীসকলক লৈ হাগ্ৰামাক শাসনৰ গাদীৰ পৰা উফৰাই পেলাবলৈ সকলো ধৰণৰ গণতান্ত্ৰীক প্ৰতিবাদ কৰা হ’ব বুলি কয়৷ আনহাতে বিটিচি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতি। জিলা সমিতিৰ সভাপতি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ক্ৰমে কণ্ঠ কুমাৰ দাস আৰু জ্যোতিছ বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে বিটিএডি সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম বিকাশৰ শ্লোগানেৰে ক্ষমতা দখল কৰা বি পি এফ দল তথা প্ৰশাসনৰ কেবিনেটে শেহতীয়াকৈ লোৱা ভূমি সংক্ৰান্তীয় সিদ্ধান্তক সংগঠনটোৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
এনে হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহব। বিটিএডি অঞ্চলত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ পাবই লাগিব। ইতিমধ্যে দেখা গৈছে যে এই ক্ষেত্ৰত আন আন জাতি জনগোষ্ঠীৰ সমূহক চৰম অৱহেলা আৰু বঞ্চিত কৰি হাগ্ৰামা বাহিনীয়ে অতি চতুৰালিৰে সকলো পিনৰ পৰা নিঃশেষ কৰি গৈ আছে। এই ক্ষেত্ৰত আন আন জাতি জনগোষ্ঠীৰ একাংশ নেতা-পালিনেতাক ধন জন আৰু বিভিন্ন প্ৰলোভনৰে নিজৰ হাতত ৰাখি মুল বিষয়বোৰৰ বিৰুদ্ধে মৌন ৰাখিবলৈ কৌশলৰ ৰাজনীতি কৰিছে। যিসকল নেতাই এই প্ৰলোভনত গুৰুত্ব নিদিয়ে তেওঁবিলাকক বিভিন্ন প্ৰকাৰে নিঃশেষ কৰিব চেষ্টা কৰা হৈছে।
এই ক্ষেত্ৰত দলটোত থকা আন আন জাতি জনগোষ্ঠীৰ নেতা কৰ্মী আহ্বান জনাই সংগঠনটোৱে কয় যে, নিজ নিজ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা হ’ব যদিহে নিজ ক্ষুদ্ৰ স্বাৰ্থ বিসৰ্জন নিদি ইয়াৰ বিৰোধিতা নকৰে। বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ৰাইজক এনে নেতা পালি নেতাবোৰক বৰ্জন কৰিবৰ বাবে আহ্বান জনাৱাৰ লগতে ঐক্যবদ্ধ হৈ এক সবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাই সংগঠনটোৱে । এনে ধৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত সংগঠনটো কোনো কাৰণতে হাত সাৱটি বহি নাথাকে। বিটিএডি প্ৰশাসনে এই সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰি সকলো জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু সম অধিকাৰক গুৰুত্ব নিদিলে সংগঠনটোৱে অতি শীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিটিচি প্ৰশাসনক সকিয়াই দিয়ে৷